নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ এপ্ৰিলৰ পাছত মুকলি হ’ব ৰাজ্যৰ সকলো চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ  অসমৰ বাহিৰত দুৰাৰোগ্য ৰোগৰ চিকিৎসাধীন হৈ থকা ৭২০ জন লোকক দিয়া হৈছে ২৫ হাজাৰ টকাৰ সাহায্য । মুম্বাইৰ অসম ভৱনত থকা ২৫ জন কেঞ্চাৰ ৰোগীকো দিয়া হৈছে আৰ্থিক সাহায্য । এই কথা আজি এক সংবাদমেলত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই চীনৰ পৰা অনা পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট (পি পি ই) সমূহ নিম্নমানৰ বুলি একাংশ সংবাদ মাধ্যমে কৰা অপপ্ৰচাৰৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে DRDO ই অফিচিয়েলি একো এই সন্দৰ্ভত এতিয়ালৈকে কোনো PPE কীট ৰিজেক্ট কৰা নাই । কিন্তু এই বাতৰিয়ে স্বাস্থ্যকৰ্মীসকলক ভিত্তিগ্ৰস্ত কৰি তুলিব ।

ইয়াৰ লগতে অসমত এই পৰ্যন্ত ৪৪০০ জন লোকক ক’ৰোনা পৰীক্ষা কৰা হৈছে বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে ইয়াৰে ৩৪ জন লোকৰ হে ক’ৰোনা পজিটিভ পোৱা গৈছে ।

আনহাতে এই সংবাদমেলতে ৩০ এপ্ৰিলৰ পাছত ৰাজ্যৰ সকলো চিকিৎসালয় মুকলি হ’ব বুলি তেওঁ মন্তব্য কৰে ।

You might also like