নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অভিযান অব্যাহতঃ এবছৰত ৪৩জন ঘোচখোৰ বিষয়াক হাতে–লোটে আটক

  • বিশেষ সঞ্চালকপ্রধান জিপি সিঙৰ মন্তব্য– প্রতি এদিনৰ মূৰে মূৰে গ্রেপ্তাৰ হৈছে দুর্নীতিগ্রস্ত বিষয়া
  • সকলোৰে বিৰুদ্ধে দাখিল কৰা হ’ব অভিযোগ
  • জেহাদীৰ প্রসংগত ক’লে– ফেব্রুৱাৰী মাহৰ পৰা এইপর্যন্ত গ্রেপ্তাৰ ৪০ জেহাদী
  • বিগত এবছৰ ধৰি অসমত নিৰীক্ষণ চলি আছে জেহাদীৰ কার্যকলাপৰ ওপৰত

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ:  দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা শূন্য সহনশীল নীতিৰ ফলত বিগত এমাহত গ্রেপ্তাৰ হৈছে ১৪জনকৈ চৰকাৰী বিষয়া–কর্মচাৰী৷ ৰাজ্যৰ ভিন্ন প্রান্তত শেহতীয়াকৈ নিৰীক্ষণ আৰু দুর্নীতি প্রতিৰোধ সঞ্চালকালয়ে চলোৱা অভিযানত হাতে–লোটে ধৰা পৰিছে এইসকল ঘোচখোৰ কর্মচাৰী আৰু বিষয়া৷ বিভিন্নজনৰ অভিযোগৰ ভিত্তিত এনেদৰে গ্রেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে ইতিমধ্যে প্রস্তুত হৈছে অভিযোগনামা৷ আজি এই কথা স্পষ্ট কৰিলে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে৷ সংবাদ মাধ্যমৰ আগত শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতি সফল হোৱাৰ আঁৰত আছে সচেতন ৰাইজ৷ দুর্নীতিৰ লগত সহযোগ নকৰি ভিন্ন প্রান্তৰ পৰা সাধাৰণ ৰাইজে দিয়া অভিযোগৰ ভিত্তিতে এবছৰতে গ্রেপ্তাৰ হৈছে ৪৩জন ঘোচখোৰ বিষয়া৷ দুর্নীতি নিবাৰক শাখাই চলোৱা এনে অভিযানত আগষ্ট মাহত আটক হৈছে ১৪জন বিষয়া–কর্মচাৰী৷ কার্যতঃ ইয়াৰ পৰাই স্পষ্ট হৈছে যে প্রায় এদিনৰ মূৰে মূৰে এজনকৈ দুর্নীতিগ্রস্ত কর্মচাৰী–বিষয়াক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুর্নীতি নিবাৰক সঞ্চালকালয়ে৷ আৰক্ষীয়ে চলোৱা এনে অভিযানৰ আটাইতকৈ সফল দিশটো হৈছে যে চৰকাৰী কার্যালয়ত এতিয়া উপঢ়ৌকন ল’বলৈ ভয় কৰা হৈছে দুর্নীতিগ্রস্ত বিষয়াসকলে৷ আনকি সাধাৰণ ৰাইজেও এইক্ষেত্রত আৰক্ষীক দিয়া তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ বহু কার্যালয়ত হ্রাস পাইছে দুর্নীতি৷ তেওঁ ইয়াকো স্পষ্ট কৰে যে অসমত সম্পূর্ণৰূপে দুর্নীতি নির্মূল হ’বলৈ কিছু সময়ৰ প্রয়োজন হ’ব যদিও ইয়াৰ আৰম্ভণি ইতিমধ্যে হৈছে৷ ইফালে, গ্রেপ্তাৰ হোৱা দুর্নীতিগ্রস্ত প্রতিজন বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগনামা প্রস্তুত কৰিছে৷ ফৰেনছিকৰ প্রতিবেদনৰ পাছতেই এইসকল বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে বিশেষ আদালতত দাখিল কৰা হ’ব অভিযোগনামা৷ আৰক্ষী বিষয়া জি পি সিঙে ইয়াকো উল্লেখ কৰে যে যিহেতু প্রায় এদিনৰ মূৰে মূৰে ঘোচখোৰ বিষয়া–কর্মচাৰী গ্রেপ্তাৰ হোৱা বাবে বিশেষ আদালতত এইধৰণৰ গোচৰৰ ভিৰৰ সৃষ্টি হৈছে৷ সেয়েহে ৰাজ্য চৰকাৰক অসম আৰক্ষীয়ে আন এখন বিশেষ আদালত স্থাপনৰ বাবেও প্রস্তাৱ আগবঢ়াইছে৷

            ফেব্রুৱাৰী মাহৰ পৰা এইপর্যন্ত গ্রেপ্তাৰ ৪০ জেহাদী
মাদ্রাছা স্থাপনৰ জৰিয়তে অসমত মৌলবাদী সংগঠনৰ একাংশই চলাই যোৱা জেহাদীৰ কার্যকলাপৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সকীয়নি দিলে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷ আজি সংবাদ মাধ্যমৰ আগত জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিৰ কথা উল্লেখ কৰি আৰক্ষী বিষয়াজনে কয় যে বিগত এবছৰ ধৰি অসমত জেহাদীৰ কার্যকলাপ নিৰীক্ষণ কৰি থকা হৈছে৷ যোৱা ফেব্রুৱাৰী মাহৰ পৰা এতিয়ালৈ অসমত ৪০জন জেহাদীক গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে নামনি অসমৰ কেইবাখনো জিলাত ইমামৰ ৰূপ লৈ একাংশই চলাই থকা জেহাদী কার্যকলাপৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ আনকি আৰক্ষীয়ে অভিযান চলাই বাংলাদেশৰ মৌলবাদী সংগঠনৰ লগতে আল–কায়দাৰ সদস্য ৰূপেও অসমত জেহাদী কার্যকলাপ চলোৱাৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ জেহাদীৰ বিৰুদ্ধে চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিৰ ফলত বিগত সময়ছোৱাত কেইবাখনো ধর্মীয় মাদ্রাছাৰ পৰা গ্রেপ্তাৰ হৈছে জেহাদীৰূপী ইমাম৷ আজি এই সন্দর্ভত শীর্ষ বিষয়া জি পি সিঙে কয় যে যোৱা ৬–৮ মাহৰ ভিতৰত আৰক্ষীয়ে এই সন্দর্ভত গোপনে চলোৱা অনুসন্ধানত জেহাদী কার্যকলাপৰ বিভিন্ন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ সকলো বিষয় ৰাজহুৱা কৰাত সমস্যা আছে যদিও জেহাদীৰ বিৰুদ্ধে যে সাধাৰণ ৰাইজ এতিয়া সজাগ হৈছে, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ইফালে, ৰাজ্যৰ একাংশ মুছলমান যুৱকক জেহাদী কার্যকলাপৰ প্রতি আকর্ষিত কৰাৰ ক্ষেত্রত কেইবাজনো ধর্মীয় নেতাই আগভাগ লোৱাৰ কথাও আজি উল্লেখ কৰে জি পি সিঙে৷ তেওঁ কয় যে অসমৰ কিছু যুৱকে আল–কায়দাৰ প্রতি আকর্ষিত হৈছে৷ ২০১৪ চনৰ পূর্বেও আল–কায়দাৰ প্রতি একাংশ যুৱকৰ আকর্ষণ বৃদ্ধি পাইছিল৷ পৰৱর্তী সময়ত এই আকর্ষণ আইছিছলৈ ৰূপান্তৰিত হয়৷ কিন্তু ২০১৯ চনত আইছিছৰ পতন হোৱাৰ পাছত এইবাৰ পুনৰ আল–কায়দাৰ প্রতি আকর্ষিত হৈছে একাংশ যুৱক৷ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৰাজ্যৰ ভিন্ন প্রান্তত জেহাদীৰ সংস্পর্শলৈ অহা অথবা জেহাদী কার্যকলাপ চলাই থকা বহু লোক আৰক্ষীৰ নজৰত আছে বুলিও আজি উল্লেখ কৰে৷

You might also like