নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাকেশ পাললৈ ন্যায়িক আয়োগৰ জাননী

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ   অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাললৈ জাননী জাৰি কৰিছে ২০১৪ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্ত কৰি থকা অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মা নেতৃত্বাধীন ন্যায়িক আয়োগে৷ বক্র পথেৰে একাংশ প্রার্থীক পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তিৰ পথ মোকলাই দিয়া ৰাকেশ পালে উত্তৰবহীত লাভ কৰা অনিয়ম সন্দর্ভত আয়োগৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ সম্প্রতি কেন্দ্রীয় কাৰাগাৰত দিন অতিবাহিত কৰি আছে দুর্নীতিৰ সম্রাট ৰাকেশ পালে৷ উল্লেখ্য যে ২০১৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ পাছত ২০১৪ বর্ষৰ পৰীক্ষাৰ অনিয়মৰ তদন্তৰ ভাৰ বি কে শর্মা আয়োগক প্রদান কৰা হৈছে৷ ইতিমধ্যে ন্যায়িক আয়োগখনে পূর্ণগতিৰে পৰীক্ষাৰ অনিয়ম সন্দর্ভত তদন্ত আগবঢ়াই নিছে৷ ইতিমধ্যে বিভিন্ন খেলিমেলি লাভ কৰা একাংশ প্রার্থীলৈ আয়োগে জাননী প্রেৰণ কৰিছে৷ অনুৰূপ ধৰণে ৰাকেশ পালৰ কার্যকালত মুখ্য পৰীক্ষা নিয়ন্ত্রক হিচাপে দায়িত্বত থকা নন্দবাবু সিং আৰু বিভা শর্মালৈও ন্যায়িক আয়োগে জাননী জাৰি কৰি তেওঁলোকৰ মতামত প্রকাশ কৰিবলৈ নির্দেশ দিছে৷ শেহতীয়াকৈ ন্যায়িক আয়োগৰ জাননীৰ পাছতেই প্রাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্রক নন্দবাবু সিং আয়োগৰ ওচৰত হাজিৰ হৈ তেওঁৰ মতামত প্রদান কৰিবলৈ অতিৰিক্ত সময় বিচাৰে৷ এই নন্দবাবু সিঙৰ বিৰুদ্ধে বিগত সময়ছোৱাত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বক্রপথেৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সিঙে কন্যাক এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সমান্তৰালভাৱে অনিয়মৰ তথ্য প্রমাণ নাইকিয়া কৰিবলৈ আয়োগৰ ৪৫ হাজাৰ উত্তৰবহী নন্দবাবু সিঙে জ্বলাই দিয়া বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ সমান্তৰালভাৱে যোগ্যজনক বঞ্চিত কৰি কেৱল ধনৰ বিনিময়ত একাংশ অযোগ্য প্রার্থীক আয়োগৰ পৰীক্ষাত উত্তীর্ণ কৰাবলৈ প্রাক্তন অধ্যক্ষ ৰাকেশ পালে কি পন্থা গ্রহণ কৰিছিল, সেয়া ডিব্রুগড় আৰক্ষীৰ তদন্তত সম্পূর্ণৰূপে স্পষ্ট হৈ পৰিছে৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা কেইবাখনো অভিযোগনামাত আৰক্ষীয়ে পছন্দৰ প্রার্থীক উত্তীর্ণ কৰি দিবলৈ উত্তৰবহী জালিয়াতিৰ পৰা আৰম্ভ কৰি টেবুলেচন শ্বীটত নম্বৰ বঢ়াই দিয়ালৈকে কৰা অনিয়মৰ সবিশেষ তথ্য উল্লেখ কৰা হৈছে৷ এ পি এছ চিৰ অনিয়ম সন্দর্ভত ৰাকেশ পালে ন্যায়িক আয়োগৰ ওচৰত হাজিৰ হৈ কি মতামত আগবঢ়ায় সেয়া লক্ষণীয় হ’ব৷

You might also like