নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থিয় হৈ উপভোগ কৰিব লাগিব খেল; ভাৰত–পাক মেচৰ বাবে বিশেষ টিকট

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ বিক্রী আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে শেষ হৈ গৈছিল সকলো টিকট৷ এনে পৰিস্থিতিত বাধ্য হৈ কেৱল থিয় হৈ খেল উপভোগ কৰাৰ বাবে বিশেষ টিকটৰ ব্যৱস্থা কৰিছে আয়োজকসকলে৷ আসন্ন টি–২০ বিশ্বকাপৰ ভাৰত–পাকিস্তান মেচৰ পূর্বে এনে বিৰল ঘটনাৰ সাক্ষী হৈ থাকিল ক্রিকেট–বিশ্ব৷ আইচিচিৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ক্রিকেটপ্রেমীসকলক খেলপথাৰত স্থান দিয়াৰ বাবেই অভিনৱ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই ঘোষণাত কোৱা হৈছে– ‘যথাসম্ভৱ বেছি ক্রিকেটপ্রেমীক খেলপথাৰত ঠাই দিবলৈ আমি বিচাৰোঁ৷ সেইবাবে ষ্টেণ্ডিং ৰুমত টিকটৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্রতি চাৰি হাজাৰ টিকট বিক্রী কৰা হৈছে৷ প্রত্যেকটো টিকটৰ মূল্য ভাৰতীয় মুদ্রাত ১৭০০ টকা৷ অৱশ্যে ফার্ষ্ট কাম ফার্ষ্ট ছার্ভ ব্যৱস্থাৰে এই টিকট বিক্রী কৰা হ’ব৷’ উল্লেখ্য যে যোৱা ফেব্রুৱাৰীত ভাৰত–পাক মেচৰ টিকট বিক্রী আৰম্ভ হোৱাৰ মাত্র পাঁচ মিনিটৰ ভিতৰতে সকলো টিকট বিক্রী হৈ গৈছিল৷ অহা ২৩ অক্টোবৰত বিশ্বকাপত মুখামুখি হ’ব দুই চিৰপ্রতিদ্বন্দ্বী দল৷ অহা ১৭ অক্টোবৰত পুনৰ এই মেচখনৰ বাবে টিকট বিক্রী কৰা হ’ব৷ শিশুসকলৰ বাবে কম দামত বিশেষ টিকটৰো ব্যৱস্থা কৰা হৈছে৷ অষ্ট্রেলিয়াৰ ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডত ভাৰত–পাক মেচখন অনুষ্ঠিত হ’ব৷ ষ্টেডিয়ামখনত দর্শকৰ আসনৰ সংখ্যা প্রায় এক লাখ৷ বিগত টি–২০ বিশ্বকাপৰ প্রথমখন মেচতে পাকিস্তানৰ মুখামুখি হৈছিল ভাৰত৷ বিশ্বকাপত প্রথমবাৰ ভাৰতক হৰুৱাই ইতিহাস গঢ়িছিল পাকিস্তানে৷

You might also like