নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰীৰ ধলাগাঁৱত বতাহ-বৰষুণ নোহোৱাকৈ ভাগিল এশ বছৰীয়া আঁহত গছ

নিয়মীয়া বাৰ্তা, নৰ্থ বইটামাৰীঃ বঙাইগাঁৱৰ নৰ্থ বইটামাৰীৰ ধলাগাঁও বজাৰ এলেকাৰ ভিতৰত থকা এডাল শতিকা গৰকা প্ৰাচীন বৃহৎ আঁহত গছ আজি বিয়লি অকস্মাৎ ভাঙি পৰে। ফলত ডাঙৰ এটা পকী বজাৰ গৃহ সম্পূৰ্ণ বিধ্বস্ত হোৱাৰ লগতে লগতে আন কেবাটাও দোকান গৃহ ৰ ক্ষতি হয় । কোনো ধৰণৰ বতাহ-বৰষুণ নথকাকৈ এনেদৰে আজি প্ৰাচীন আঁহত গছ ডাল ভাগি পৰাত লোকসকল আতংকিত হৈ পৰে। উল্লেখ্য যে বুধবাৰ আৰু শনিবাৰে বজাৰ বহা এই সাপ্তাহিক বজাৰখনত আজি বজাৰ নথকা বাবে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।
প্ৰেৰক ৰুবুল কান্তি দাস

You might also like