নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ পাৰিবাৰিক সমস্যা থাকিব৷
বৃষ: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব৷ ভ্রমণাদিত অন্যমনস্ক নহ’ব৷
মিথুন: আজি কিছু ফৰকাল৷ বিদ্যার্থীৰ বাবেও বেয়া নহ’ব৷ তথাপি আপোন কোনো মানুহৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব৷ প্রেম–প্রণয়ত শুভ৷
কর্কট: কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই৷ নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব৷
সিংহ: অলপ সতর্ক হৈ চলক৷ নতুন কাম–কাজৰ আৰম্ভণিত আহুকাল থাকিব৷ বন্ধু–বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ বিদ্যাত মধ্যম৷
কন্যা: সাৱধানেৰে কামত আগুৱাওক৷ শৰীৰৰ প্রতি একেবাৰে অৱজ্ঞা নকৰিব৷ দাম্পত্যত নিজৰ আৱেগ–নুভূতিক ৰুক্ষ কৰি নুতুলিব৷ সন্তানৰ ভালেই৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷
তুলা: সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ পাৰিবাৰিক মনোভাব ভ্রমণৰ উদ্যোগী হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মজলায়ী ফল পাব৷ প্রেম–প্রীতিত ভালেই দেখা যায়৷
বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক৷
ধনু: ব্যৱসায়ৰ ক্ষেত্রত নজৰ ৰাখিব৷ কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্রত বাধা আহিব পাৰে৷ বিদ্যাত শুভ৷ প্রেম–প্রণয়ত আনন্দ৷
মকৰ: আর্থিক দিশত খৰচৰ মাত্রা অত্যধিক হ’ব যদিও ব্যৱসায়–বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে৷ প্রেম–প্রণয়ত শুভ৷
কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ বিদ্যাত সফলতা পাব৷ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি পাব৷
মীন: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰেই দিনটো পাৰ হ’ব৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ পৰা প্রতাৰিত হ’ব পাৰে৷

You might also like