নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ মিটাৰত স্বর্ণ জয়েৰে দেশৰ দ্রুত মানৱ অম্লান

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ:  গুজৰাটত চলি থকা ৩৬সংখ্যক ৰাষ্ট্রীয় ক্রীড়াৰ আজি তৃতীয় দিনা অসমে চমকপ্রদ প্রদর্শন কৰি তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্রঞ্জসহ মুঠ সাতটা পদক লাভ কৰিছে৷ মহাষষ্ঠীৰ দিনা অসমক প্রথমটো সোণৰ পদক দিয়ে ভাৰতীয় এথলেটিকছৰ নৱাগত চাঞ্চল্য অম্লান বৰগোহাঁয়ে৷ গান্ধীনগৰৰ আই আই টি ক্রীড়া প্রকল্পত আজি অনুষ্ঠিত পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসম সন্তান অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূর্ণ কৰি সোণ অর্জন কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে জীৱনৰ প্রথমখন ৰাষ্ট্রীয় ক্রীড়াতে সোণ অর্জন কৰি দেশৰ দ্রুত মানৱ হোৱাৰ অনন্য সফলতা অর্জন কৰিলে অম্লানে৷ ইফালে মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসমৰ হিমা দাসেও অংশ লৈছিল যদিও পদক নাপালে৷ ১১.৭৫ ছেকেণ্ডেৰে সপ্তম স্থানত থাকে ধিং এক্সপ্রেছ৷ এতিয়া অম্লান আৰু হিমাই ২০০ মিটাৰ দৌৰত অংশ ল’ব৷ অহা তিনি অক্টোবৰত হ’ব ২০০ মিটাৰ হিটছ৷ অম্লানৰ স্বর্ণ জয়ৰ কিছুসময় পাছতে লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্রঞ্জ অর্জন কৰি প্রত্যাশিত সফলতা অর্জন কৰে৷ পুতুল সোণোৱাল, আনন্দ নার্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ পুৰুষ দলে আজি ফাইলেনত বংগক ২৫–৬ত পৰাস্ত কৰি সোণ লাভ কৰে৷ আনহাতে লন বলত অসমক দ্বিতীয়তো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে৷ ৰোমাঞ্চকৰ ফাইনেলত অসমে দিল্লীক ১৮–১৬ৰ ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে, অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শইকীয়া আৰু অদিনীতা কাকতিৰ দ্বাৰা গঠিত মহিলা দলটোৱে আজি ফাইনেলত ঝাৰখণ্ডৰ মুখামুখি হয় যদিও ১১–২৩ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ৰূপৰ পদক লাভ কৰে৷ ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছত স্বর্ণ জয় অসম কন্যা নয়নমণি শইকীয়াই কালি ছেমিফাইনেলত ঝাৰখণ্ডৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত আজি ব্রঞ্জ পদকৰ বাবে খেলি সফলতা লাভ কৰে আৰু অসমক পদক দিবলৈ সক্ষম হয়৷ ইফালে আজি ভাৰোত্তোলনত অসমক ৰূপৰ পদক দিয়ে ৰাজ্যৰ আন এগৰাকী তাৰকা খেলুৱৈ পপী হাজৰিকাই৷ মহিলাৰ ৫৯ কিলোগ্রাম শাখাত খেলা পপীয়ে স্নেচত ৮৫ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১০৮ কিলোগ্রাম উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে৷ পপীয়ে মুঠ ১৯৩ কিলোগ্রাম ওজন উত্তোলন কৰে৷ ইফালে চলিত ৩৬সংখ্যক গুজৰাট ৰাষ্ট্রীয় ক্রীড়াত আজি অসমক ৰূপৰ পদক দিয়ে দেশৰ নৱাগত চাইক্লিষ্ট চয়নিকা গগৈয়ে৷ এছিয়ান চাইক্লিং প্রতিযোগিতাত পদক জয়েৰে ঐতিহাসিক সফলতা লাভ কৰা চয়নিকাই মহিলাৰ স্কেট ৰেচত ৰূপ জয় কৰি অসমৰ পদক তালিকাত সংখ্যা বৃদ্ধি কৰে৷

You might also like