ছানৰাইজার্ছৰ হাতত ৫৫ ৰানত পৰাস্ত আৰচিবি, হাৰিও পইণ্ট তালিকাৰ শীর্ষত বেংগালুৰু
ডিজিটেল ডেস্ক, ২৩ মে’ : ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈও চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীর্ষস্থান অক্ষুণ্ণ ৰাখিলে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ আৰচিবিয়ে ১৪খন মেচৰ পৰা ১৮ পইণ্ট সংগ্রহ কৰি শীর্ষত থকাৰ বিপৰীতে ছানৰাইজার্ছে সমসংখ্যক মেচৰ পৰা ১৮ পইণ্ট অর্জন কৰি তৃতীয় স্থানত থাকে৷
শুকুৰবাৰে অনুষ্ঠিত মেচখনত আৰচিবিয়ে ছানৰাইজার্ছৰ হাতত ৫৫ ৰানত পৰাস্ত হয়৷ মেচখনত ছানৰাইজার্ছে জয়ৰ বাবে বান্ধি দিয়া ২৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ৰজত পাটিদাৰৰ ৫৬, ভেংকটেশ আয়াৰৰ ৪৪ আৰু ক্রুনাল পাণ্ডিয়াৰ অপৰাজিত ৪১ ৰানৰ সহায়ত আৰচিবিয়ে নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২০০ ৰান কৰে৷ কোহলিয়ে ১৫ ৰান কৰি বিদায় লয়৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ অভিষেক শর্মা, ঈশান কিশন আৰু হেনৰিচ ক্লাছেনৰ অর্ধশতকৰ সহায়ত হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটত ২৫৫ ৰান কৰে৷ ইনিংছ মুকলি কৰি অভিষেক আৰু ট্রেভিছ হেডে দলটোক আক্রমণাত্মক আৰম্ভণি দিয়াৰ সময়তে হেডে ব্যক্তিগত ২৬ ৰানত বিদায় লয়৷ সেই সময়ত দলটোৰ স্ক’ৰ আছিল ১ উইকেটত ৪৫৷ ইফালে, ২২টা বলত ৫৬ ৰানৰ অৱদান আগবঢ়োৱা অভিষেকে ঈশানৰ সৈতে দ্বিতীয় উইকেটত ৫২ ৰান সংগ্রহ কৰে৷ অভিষেক আউট হোৱাৰ পিছত ঈশানে ক্লাছেনৰ সৈতে লগ লাগি তৃতীয় উইকেটত ১১৩ ৰান সংগ্রহ কৰি দলটোক সবল স্থিতিত উপনীত কৰায়৷ ক্লাছেনে ২৪টা বলত ৫১ ৰান কৰি বিদায় লয়৷ আনহাতে, ৪৬টা বলত ৭৯ ৰান কৰা ঈশানে নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে চতুর্থ উইকেটত ৪৫ ৰান সংগ্রহ কৰে৷ নীতিশে ২৯ ৰান কৰি নটআউট হৈ থাকে৷