নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ‘গগনা’ৰ ৰঙালী বিহু উদযাপন

বিশেষ বাৰ্তা, ২১ এপ্ৰিল : ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰঙালীৰ উছাহ। চ’ত আৰু ব’হাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙীন কৰি তুলিছে। জাতীয় উৎসৱ বিহুৱে ভৌগোলিক পৰিসীমা নেওচি সকলো অসমীয়াৰ মন আলোড়িত কৰি তোলে । একে উছাহৰে মুম্বাইৰ প্ৰৱাসী অসমীয়াসকলকো ৰঙালী বিহু উদযাপন কৰা দেখা গ’ল ৷ ২০ এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা- আছামিজ পিপলছ এছ’চিয়েচনে ৰঙালী বিহুটি ব’হাগী উৎসৱ হিচাপে পালন কৰে। উক্ত দিনা মীৰা ৰোডৰ (পূব) ছেণ্ট জন মাৰাথমা ছাইৰিয়ান ছাৰ্ছৰ প্ৰেক্ষাগৃহত আবেলি পাঁচ বজাৰ পৰা নিশা দহ বজালৈ বিহুগীত, বিহুনৃত্য, ঝুমুৰ গীত, বাঁহীবাদন আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে ব’হাগী উৎসৱ পালন কৰা হয়। নৱী মুম্বাইত কৰ্মৰত অসমীয়া কলাকুশলীসকলৰ সংগঠন ‘কল্পতৰু শিল্পী সমাজ’ৰ দ্বাৰা পৰিৱেশন কৰা হুঁচৰিয়ে দৰ্শকক আপ্লুত কৰি তোলে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে নৱপ্ৰজন্মক জড়িত কৰাৰ মানসেৰে শিশু আৰু কিশোৰ-কিশোৰীসকলক বিহুনৃত্যৰ প্ৰশিক্ষণ দি মঞ্চত পৰিৱেশন কৰোৱা হয়। উল্লেখ্য যে ইয়াত কিছুমান অনা-অসমীয়া ল’ৰা-ছোৱালীয়েও অংশগ্ৰহণ কৰি উল্লসিত হয়। সাংস্কৃতিক আদান-প্ৰদানৰ উদ্দেশ্যৰে গগনাই এইবাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনে মাৰাঠী লেখক, চিনেমা পৰিচালক, প্ৰযোজক, আন্তঃৰাষ্ট্ৰীয় জুৰী সদস্য, টেলিভিছনৰ বহুকেইখন ধাৰাবাহিক পৰিচালনা কৰাৰ লগতে বলীউড, মাৰাঠী ভাষাৰ অনেক ছবিত কাম কৰি বহুকেইটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত মনোজ কদমক। তেওঁ গগনা মুম্বাইৰ তৰফৰ পৰা লোৱা পদক্ষেপবোৰৰ শলাগ লয় আৰু তেওঁৰ ফালৰ পৰাও সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিব বুলিও উপস্থিত ৰাইজক অৱগত কৰে। ইয়াৰ উপৰি নিমন্ত্ৰণ কৰি অনা মাৰাঠী শিল্পীসকলে লাউনী নাচ প্ৰদৰ্শন কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰে। গগনাৰ মহিলা নৃত্যশিল্পীসকলে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উপাদানেৰে সমৃদ্ধ এটি মেশ্ব-আপ নৃত্য পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰি মুম্বাইৰ উদীয়মান শিল্পী হৃদয় কাশ্যপ, লয় বৰুৱাৰ গীতে ৰাইজৰ প্ৰশংসা পাবলৈ সক্ষম হয়। গগনাৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে আমন্ত্ৰিত কণ্ঠশিল্পী ঋষভ বৰচেতিয়াই গীত পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জীপাল কৰি তোলে। অনুষ্ঠানটোত অসম গৌৰৱ সন্মানেৰে সন্মানিত দেৱজিত চাংমাই, গগনা শাখা সাহিত্য সভাৰ সভাপতি জীৱৰাজ বৰ্মনকে আদি কৰি বহু অসমীয়া আৰু অনা-অসমীয়া লোকে উপস্থিত থাকি ৰঙালীৰ ৰঙত বুৰ যোৱা পৰিলক্ষিত হয়। অনুষ্ঠানটি আয়োজন কৰাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেল আৰু ঠানেৰ জুপিটাৰ হস্পিটেলে আৰ্থিক সহযোগিতা আগবঢ়ায়। কোকিলাবেন হস্পিটেলৰ মহাপ্ৰবন্ধক জেমচ আৰনহা আৰু জ্যেষ্ঠ চিকিৎসক অসম সন্তান ডাক্তৰ দুৱৰাই উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে ।ইফালে, অসমীয়া থলুৱা খাদ্য সম্ভাৰ লৈ বহা পিঠা-পনা বিপণীকে প্ৰমুখ্য কৰি প্ৰাকৃতিক তেল আৰু সুন্দৰ স্বাস্থ্য সম্পৰ্কীয় বিপণীয়েও বিহুখনিত অংশগ্ৰহণ কৰি ৰঙালী বিহু ২০২৪ ৰঙীন কৰি তোলে। ৰাইজে পিঠাপনাৰ লগতে লগে-ভাগে মিলি এসাঁজ থলুৱা খাদ্য গ্ৰহণ কৰে। বিহু সমিতিৰ সকলো সদস্য, বিষয়ববীয়াসকল, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা সকলো ৰাইজক গগনাই ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে গগনা মুম্বাইয়ে পূৰ্বৰে পৰা এনেদৰে নিজৰ সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সাংস্কৃতিক আদান-প্ৰদানৰ দ্বাৰা অসম তথা মুম্বাইৰ সংস্কৃতিক একত্ৰীকৰণৰ দিশত কাম কৰি আহিছে। বাপতিসাহোন ৰঙালী বিহুটি সুচাৰুৰূপে সমাপন কৰাৰ বাবে গগনাৰ সভাপতি অমৃত প্ৰীতমে উপ-সভাপতি বৰ্ণালী চাংমাই, সাধাৰণ সম্পাদক গুণীন গগৈ, কাৰিকৰী দিশত সহায় কৰা অৰূপ গোহাঁই, সাংস্কৃতিক দিশত হীৰামণি ডেকা, অনুষ্ঠানটি প্ৰথমৰ পৰা শেষলৈকে সুন্দৰকৈ আঁত ধৰা জুৰি লস্কৰৰ লগতে ৰাইজলৈ আন্তৰিক ধন্যবাদ জনায়।

You might also like