নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত এবিভিপিৰ উদ্যোগত জনজাতি সন্মিলন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪০০ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত ডিফুত ৰাজ্যিক ভিত্তিত এক জনজাতি সন্মিলনৰ আয়োজন কৰা হয়। বিভিন্ন জাতি জনজাতিৰে সন্মিলনত হৈ নিৰ্মাণ হোৱা অসমীয়া সমাজখনক আগবঢ়াই নিবলৈ হ’লে ইয়াৰ জাতি জনজাতিসমূহ আগবাঢ়ি যাবই লাগিব। জনজাতিসমূহে সম্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু তাৰ সৈতে মোকাবিলা কৰাৰ লগতে তেওঁলোকৰ উন্নয়ন আৰু সৱলীকৰণৰ পোষকতা কৰাৰ লক্ষ্যৰে ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত ডিফুৰ ছাৰছিং টেৰং লাংকুং হাবে মেম’ৰিয়েল টাউন হলত এই জনজাতি সন্মিলনৰ আয়োজন কৰা হয়। জনজাতি সন্মিলনৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে এতিয়া জনজাতিৰ লোকসকলে তেওঁলোকৰ অধিকাৰ হিংসাৰ জড়িয়তে নহয় আলোচনাৰ জড়িয়তেহে লাভ কৰে। তেওঁ কয় যে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমাজৰ প্ৰতিটো ক্ষেত্ৰৰেই নেতৃত্বৰ সৃষ্টি কৰিছে। অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক বুদ্ধদেৱ ভাগ, ৰাজ্যিক সম্পাদক হেৰল্ড মহন ডাঙৰীয়া, সুনীল বসুমতাৰী, আদৰণি সমিতিৰ সভাপতি সুভিত দত্ত, আৰু আদৰণী সমিতিৰ সম্পাদক ড° পংকজ তেৰণ বিশেষভাৱে উপস্থিত থাকে। এই জনজাতি সন্মিলনৰ দ্বিতীয় সত্ৰত উপস্থিত আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি মহুৰ্চা বড়ো, ডিমাচা চলচ্চিত্ৰ প্ৰযোজক কুলেন্দ্ৰ দৌলগুপু আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত খোৰছিং টেৰন। তৃতীয় সত্ৰত অসমৰ বিভিন্ন জনজাতীয় বিদ্যাৰ্থী প্ৰতিনিধিয়ে নিজৰ নিজৰ মন্তব্য আগবঢ়ায়। তেওঁ লোকে নিজৰ নিজৰ জনজাতিৰ কলা সংস্কৃতিৰ লগতে বৃহত্তম অসমীয়া সমাজ গঠনত প্ৰতিটো জনজাতিৰ অৰিহনাৰ কথা উল্লেখ কৰে। উক্ত সন্মিলনৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হ’য়। এই সন্মিলনৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰী, নেতা, কৰ্মী, আৰু অংশীদাৰসকলক একত্ৰিত কৰি অসমৰ জনজাতীয় জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক, শৈক্ষিক, আৰু সাংস্কৃতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাই হৈছে মুখ্য লক্ষ্য।

You might also like