নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত ১০০ নিৰ্বাচনী প্ৰচাৰ সভা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ বিৰোধীক নিষ্প্রভ কৰি লোকসভা নির্বাচনৰ প্রচাৰ অভিযান তীব্রতৰ কৰিছে বিজেপিয়ে৷ বিৰোধী ঐক্য থানবান হোৱাৰ পিছত ১৩খন আসনক লক্ষ্য কৰি লোৱা শাসকীয় দলটোৱে ইতিমধ্যে গাঁৱে গাঁৱে আৰম্ভ কৰিছে প্রচাৰ অভিযান৷ বিজেপিৰ এনে প্রস্তুতিৰ মাজতে ১০০খন নির্বাচনী সভা অনুষ্ঠিত কৰি প্রচাৰ কার্য চলোৱাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যিক বিজেপিৰ সূত্রই প্রকাশ কৰা মতে, মুখ্যমন্ত্রীগৰাকীৰ প্রচাৰ কার্যসূচী প্রস্তুত কৰা হৈছে যদিও চূড়ান্ত কৰা নাই৷ সময়সূচী অনুসৰি মুখ্যমন্ত্রীগৰাকীয়ে কোন কোন সমষ্টিত প্রচাৰ অভিযান চলাব সেয়া অচিৰেই থিৰাং কৰা হ’ব৷ উল্লেখ্য যে নির্বাচনৰ প্রচাৰ অভিযান কেনেকুৱা হ’ব সেয়া শেহতীয়াকৈ খোদ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰিছিল৷ ৰাজ্যিক বিজেপিৰ কার্যালয়ত অলপতে মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি বিজেপিয়ে এইবাৰ কিছু ব্যতিক্রমী প্রচাৰ চলাব৷ প্রচাৰৰ সময়ত দলীয় কর্মকর্তাই গাঁৱে গাঁৱে গৈ কোন কোন পৰিয়াল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, ৰেচন কার্ডৰ পৰা বঞ্চিত হৈছে, আন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে তাৰ তালিকা প্রস্তুত কৰি আনিব৷ নির্বাচনৰ পিছত চৰকাৰে এই লোকসকলে কিয় চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ল তাক পৰীক্ষা কৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে এনে প্রচাৰ কার্যৰে প্রতিটো বিধানসভা সমষ্টিক স্পর্শ কৰিব বুলিও উল্লেখ কৰিছিল৷ সেইমর্মে ৰাজ্যত অনুষ্ঠিত হ’ব লগা তিনিটা পর্যায়ৰ নির্বাচনত ১০০খন নির্বাচনী সভা কৰাৰ প্রস্তুতি চলিছে মুখ্যমন্ত্রী ড০ শর্মাৰ৷ অহা ৪০-৪৫ দিনৰ ভিতৰত মুখ্যমন্ত্রীগৰাকীয়ে প্রতিদিনে কিমানখন নির্বাচনী সভা অনুষ্ঠিত কৰিব তাৰ তালিকা ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰিছে৷ নির্বাচনী সভাৰ সমান্তৰালকৈ মুখ্যমন্ত্রী ড০ শর্মাই ভাগ ল’ব ৰোড শ্ব’ আৰু বাইক ৰেলীতো৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ দৰে এইবাৰো নাচি-বাগি নির্বাচনী প্রচাৰ চলাব বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ একেদৰে প্রতিটো বিধানসভা সমষ্টিত অতি কমেও এখন নির্বাচনী সভা কৰিব বুলিও কৈছিল তেওঁ৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই এটা দিনতে ৩–৪খন নির্বাচনী সভা সম্বোধন কৰাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে এইবাৰ বিজেপিয়ে ৰাজ্যৰ ১৪খন লোকসভা আসনৰ ১৩খনকে লক্ষ্য কৰি লৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে ঘোষণা কৰিছে যে দলে এইবাৰ ১৩খন আসনত জয়লাভ কৰিব৷ পূর্বে দল–চৰকাৰৰ সমীক্ষা অনুসৰি ১১খন আসনত বিজেপি আৰু মিত্রদলৰ জয়লাভৰ সম্ভাৱনা আছিল যদিও বিৰোধী ঐক্যমঞ্চৰ ভাঙোনৰ পিছতে শাসকীয় দলটোৰ জয়ৰ সম্ভাৱনা ১৩খন আসনলৈ বৃদ্ধি হ’ল বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰিছিল৷

You might also like