নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ উদ্বোধনী খেলত আজি চিএছকে বনাম আৰচিবি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ ক্রিকেটপ্রেমীৰ এবছৰীয়া প্রতিক্ষাৰ অন্ত পেলাই আজিৰৰ পৰা বাজি উঠিব আইপিএলৰ ৰণদুন্দুভি৷ উদ্যোগপতি-চেলিব্রিটি আৰু ক্রিকেটাৰৰে সমৃদ্ধ বিশ্বৰ অন্যতম জনপ্রিয় টি-২০ ক্রিকেট প্রতিযোগিতা আইপিএলৰ সপ্তদশ সংস্কৰণটো কাইলৈৰ পৰা আৰম্ভ হ’ব৷ দেশত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে আইপিএল কর্তৃপক্ষই ইতিমধ্যে প্রথম লেগত হ’বলগীয়া ২১খন মেচৰ সময়সূচী ঘোষণা কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ কাইলৈ উদ্বোধনী মেচখনত ভাগ ল’ব ডিফেণ্ডিং তথা ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ কাইলৈ উদ্বোধনী মেচখনত নতুন উদ্যমেৰে ভাগ ল’ব দুয়োটা দলে৷ চেন্নায়ে নতুন অধিনায়কৰ নেতৃত্বত মেচখনত ভাগ লোৱাৰ বিপৰীতে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নতুন নাম ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰে মেচখনত নামিব৷ কাইলৈৰ উদ্বোধনী মেচখনৰ কেইঘণ্টামান পূর্বে চেন্নায়ে মহেন্দ্র সিং ধোনীৰ সলনি ৰুতুৰাজ গাইকোৱাডক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়ে৷ চেন্নাইৰ এম এ চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া মেচখনত ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছকে ভেফাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ ২০০৮ চনৰে পৰা আৰচিবিয়ে এইখন ষ্টেডিয়ামত চেন্নাইৰ বিপক্ষে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ১৬ বছৰীয়া ব্যর্থতাৰ ধাৰা ভংগ কৰিবলৈ এইবাৰ সম্পূর্ণৰূপে সাজু হৈছে তাৰকা খেলুৱৈৰে সমৃদ্ধ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ দলটোত বিৰাট কোহলিৰ উপৰি অধিনায়ক ফাফ ডু প্লেছিছ, গ্লেন মেক্সৱেল, ৰজৎ পাতিদাৰ, কেমেৰন গ্রিন, মহম্মদ চিৰাজ, ট’ম কুৰানৰ দৰে খেলুৱৈ আছে৷ অৱশ্যে মেচখনত আৰচিবিয়ে চেন্নাইৰ পৰা প্রত্যাহ্বান লাভ কৰাটো নিশ্চিত৷ কাৰণ চেন্নাই দলটোতো প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ লগতে ৰবীন্দ্র জাদেজা, ৰুতুৰাজ গাইকোৱাড, ৰাচিন ৰবীন্দ্র, শিৱম ডুবে, আজিংক্য ৰাহানে, মিচেল ছাণ্টনাৰ, শ্বার্দুল ঠাকুৰ, মঈন আলীৰ দৰে খেলুৱৈ আছে৷ ইফালে মেচখনৰ পূর্বে দর্শকক আমোদ দিয়াৰ বাবে বর্ণিল উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে আইপিএলৰ আয়োজক বিচিচিআয়ে৷ নিশা ৮ বজাত হ’বলগীয়া উদ্বোধনী মেচখনৰ পূর্বে এঘণ্টাজোৰা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সন্ধিয়া ৬.৩০ বজাত এম এ চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত দেখা পোৱা যাব বলীউডী চমক৷ সুৰৰ যাদুকৰ, অস্কাৰ বিজয়ী এ আৰ ৰহমান আৰু ছনু নিগমৰ সংগীতৰ লহৰত ডুব যাব আইপিএল অনুৰাগী৷ ইফালে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্রফে মঞ্চ কঁপাবলৈ সাজু হৈছে৷
খেলৰ সময় নিশা ৮ বজা৷

You might also like