নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰ্চাৰ অৱসান ঘটাই ইডিৰ জালত অৰবিন্দ কেজৰিৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ ব্যাপক চর্চাৰ অন্তত অৱশেষত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰ কৰিলে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে৷ দিল্লী আপ চৰকাৰৰ আবকাৰী নীতি ২০২১-২২ প্রস্তুতকৰণকে ধৰি বলৱতৰ ক্ষেত্রত দুর্নীতি আৰু অবৈধ ধনৰ লেনদেনৰ অভিযোগত মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰ কৰে৷ দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্রী কেজৰিৱালক ইডিৰ গ্রেপ্তাৰৰ পৰা সকাহ নিদিয়াৰ কেইঘণ্টামান পিছতে ইডিৰ দল এটাই মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহত উপস্থিত হয়৷ প্রায় দুঘণ্টা ধৰি জেৰা কৰাৰ অন্তত মুখ্যমন্ত্রীগৰাকীক ইডিয়ে গ্রেপ্তাৰ কৰে৷ লোকসভা নির্বাচনৰ প্রক্রিয়া চলি থকাৰ মাজতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালক ইডিয়ে গ্রেপ্তাৰ কৰাৰ পিছত আপে ৰাজনৈতিক ষড়যন্ত্র বুলি অভিহিত কৰিছে৷ মুখ্যমন্ত্রী কেজৰিৱালক ইডিয়ে গ্রেপ্তাৰ কৰাৰ পিছতে কেজৰিৱাল চৰকাৰৰ মন্ত্রী আতিশীয়ে কেজৰিৱাল সদায় মুখ্যমন্ত্রী হৈ থাকিব বুলি মন্তব্য কৰে৷ গ্রেপ্তাৰ হোৱাৰ পিছতো মুখ্যমন্ত্রীৰ পৰা কেজৰিৱালে পদত্যাগ নকৰে বুলি দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিৱাস গোৱেলেও স্পষ্ট মন্তব্য কৰিছে৷ মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কর্মীৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি আৰএএফকে ধৰি অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ এই ১৪৪ ধাৰা জাৰি কৰাৰ কেইমিনিটমান পিছতে মুখ্যমন্ত্রীক বাসগৃহত সোধা–পোছা কৰা ইডিৰ দলটোৱে আনুষ্ঠানিকভাৱে গ্রেপ্তাৰ কৰে৷ দিল্লী আবকাৰী নীতি কেলেংকাৰি সম্পর্কীয় পিএমএলএ গোচৰত ইডিৰ চমন অৱমাননা কৰাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে আজি ইডিৰ গ্রেপ্তাৰ কিম্বা ব্যৱস্থা গ্রহণ সন্দর্ভত মুখ্যমন্ত্রী কেজৰিৱালক সকাহ নিদিয়াৰ পিছতে আজি সন্ধিয়া মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় ১২জনীয়া ইডিৰ দল৷ কেজৰিৱালৰ বাসগৃহত ইডিৰ দলে প্রৱেশ কৰি মুখ্যমন্ত্রীগৰাকীক সোধা–পোছা কৰি থকাৰ মাজতে তেওঁৰ ম’বাইল ফোন জব্দ কৰে৷ বাহিৰৰ পৰা কোনো কেজৰিৱাল চৰকাৰৰ মন্ত্রী তথা বিষয়াক সোমাবলৈ অনুমতি দিয়া হোৱা নাই৷ ইপিনে মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহত ইডিৰ দল প্রৱেশ কৰি তালাচী চলাই থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে মুখ্যমন্ত্রীগৰাকীৰ বাসগৃহৰ চৌহদৰ বাহিৰত অগণন আপ কর্মীয়ে ভিৰ কৰে৷ মন্ত্রী সৌৰভ ভৰদ্বাজ, আতিশীৰ পৰা শীর্ষ নেতা, দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিৱাস গোৱেলকে ধৰি সহস্রাধিক আপৰ কর্মী–নেতা মুখ্যমন্ত্রীৰ বাসগৃহৰ বাহিৰত ভিৰ কৰে৷ ইপিনে মুখ্যমন্ত্রীগৰাকীক সোধা–পোছা কৰি থকা ইডিয়ে তেওঁলোকৰ মুখ্য কার্যালয়ত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েনৰ পদক্ষেপ গ্রহণ কৰে৷ একেদৰে মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহত আৰএএফ মোতায়েন কৰাৰ লগতে ১৪৪ ধাৰা জাৰি কৰে৷ মুখ্যমন্ত্রীৰ বাসগৃহত তালাচী চলাই থকা ইডিয়ে মুখ্যমন্ত্রীগৰাকীক সোধা–পোছা কৰি থকাৰ মাজতে তেওঁৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা, ১৪৪ ধাৰা জাৰি কৰা, সমান্তৰালকৈ ইডিৰ মুখ্য কার্যালয়তো নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ লগতে ১৪৪ ধাৰা জাৰি কৰাটোৱে মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখ্য যে দিল্লী আবকাৰী নীতি কেলেংকাৰি গোচৰত পিএমএলএৰ অধীনত কেজৰিৱাল চৰকাৰৰ প্রাক্তন উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্রেপ্তাৰ কৰাৰ পিছত ইডিয়ে মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ পৰিকল্পনা কৰে৷ এই কেলেংকাৰি সন্দর্ভত পিএমএলএৰ গোচৰত মুখ্যমন্ত্রী কেজৰিৱালক ২০২৩ চনৰ ২ নৱেম্বৰত প্রথমখন চমন জাৰি কৰে৷ এই চমনক বে–আইনী আখ্যা দি মুখ্যমন্ত্রী কেজৰিৱালে ইডিৰ কার্যালয়ত হাজিৰ নহ’ল৷ পৰৱর্তী সময়ত ইডিয়ে কেজৰিৱাললৈ ৯খন চমন জাৰি কৰে৷ আজি ৯ নম্বৰ চমনত মুখ্যমন্ত্রী কেজৰিৱালে ইডিৰ কার্যালয়ত হাজিৰ নহ’ল৷ ইপিনে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ইডিৰ চমন সন্দর্ভত মুখ্যমন্ত্রী কেজৰিৱালক সাময়িক সকাহ দিলেও ইডিৰ চমনৰ বিৰুদ্ধে কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায়৷ আজি দিল্লী উচ্চ ন্যায়ালয়ে ইডিয়ে যাতে মুখ্যমন্ত্রী কেজৰিৱালৰ বিৰুদ্ধে গ্রেপ্তাৰ কিম্বা বিশেষ ব্যৱস্থা ল’ব নোৱাৰে সেই সন্দর্ভত কোনো অনুমতি প্রদান নকৰিলে অর্থাৎ উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে কেজৰিৱালে৷ দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ এই আবেদনৰ শুনানি কাইলৈ কৰা হ’ব বুলি সিদ্ধান্ত লয়৷ ইডিকো মুখ্যমন্ত্রী কেজৰিৱালৰ আবেদনক লৈ স্পষ্ট মত আগবঢ়াবলৈ নির্দেশ দিয়ে৷ এই প্রক্রিয়া চলি থকাৰ মাজতে অর্থাৎ দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰৰ পৰা সকাহ নিদিয়াৰ পিছতে সন্ধিয়া ইডি কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী চলায়৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী কেজৰিৱালৰ বাসগৃহত ইডিৰ দল উপস্থিত হোৱাৰ পিছতে আপে উচ্চতম ন্যায়ালয়ত মাজনিশা শুনানিৰ বাবে আবেদন জনায় যদিও উচ্চতম ন্যায়ালয়ে মাজনিশা আবেদনৰ শুনানি গ্রহণ কৰাত অসন্মত হৈ কাইলৈ আবেদনৰ শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত দিয়ে৷ তাৎপর্যপূর্ণ যে দিল্লীৰ আপ চৰকাৰে ২০২১–২২ চনত নতুন সুৰা নীতি বলৱৎ কৰিছিল৷ এই সুৰা নীতিত কেলেংকাৰি হোৱা বুলি উপ–ৰাজ্যপালে চিবিআইক প্রাৰম্ভতে তদন্তৰ নির্দেশ দিয়ে৷ চিবিআইৰ তদন্তৰ আধাৰত এই গোচৰৰ তদন্ত চলাই প্রথমে দিল্লীৰ প্রাক্তন উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়া, পিছলৈ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্রেপ্তাৰ কৰে আৰু অৱশেষত মুখ্যমন্ত্রী কেজৰিৱালক আজি গ্রেপ্তাৰ কৰে৷

You might also like