নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ ঢকুৱাখনাৰ কাইজেন একাডেমিত

নিয়মীয়া বাৰ্তা, ৯ মে’ : বহু প্ৰতীক্ষা আৰু জল্পনা কল্পনাৰ অন্তত আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ১০০% উত্তীৰ্ণ হাৰে পুনৰ উজলি উঠা কাইজেন একাডেমিত বৈছে আনন্দৰ জোৱাৰ৷ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ ফাট বিহুতলীৰ কাষতে স্বাপন কৰা আৰু প্ৰতিষ্ঠা কালৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কাইজেন একাডেমি ঢকুৱাখনাৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৩৩গৰাকী ছাত্ৰ ছাত্ৰী অৱত্তীৰ্ণ হয় আৰু ইয়াৰে ৫গৰাকীয়ে ষ্টাৰ মাৰ্কসহ মুঠ ২১গৰাকীয়ে প্ৰথম আৰু ১২গৰাকীয়ে দ্বিতীয় স্বান লাভ কৰিবলৈ সক্ষম হয়৷ কাইজেন একাডেমিৰ পৰা এইবাৰ ক’লা শাখাত ৫০গৰাকী ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হয় আৰু ইয়াৰে ৫গৰাকীয়ে ডিষ্টিংচন ১১গৰাকীয়ে ষ্টাৰ মাৰ্কসহ ৩৭গৰাকীয়ে প্ৰথম ১০গৰাকীয়ে দ্বিতীয় আৰু ৩গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাত ১০০% উত্তীৰ্ণ হয়৷ কাইজেন একাডেমি ঢকুৱাখনাৰ এই সফলতাই ছাত্ৰছাত্ৰী আৰু অভিভাৱকসকলক উৎফুল্লিত কৰাৰ লগতে সন্তোষ প্ৰকাশ কৰিছে শিক্ষক কৰ্মচাৰী গোটৰ লগতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীৰ অভিভাৱকসকলো ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like