নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল বইটামাৰীৰ ব্ৰিলিয়েণ্ট একাডেমী

নিয়মীয়া বাৰ্তা, ৯ মে’ : বঙাইগাঁও জিলাৰ বৃহত্তৰ বইটামাৰী অঞ্চলৰ এখন অন্যতম শিক্ষানুষ্ঠান ব্ৰিলিয়েন্ট একাডেমীয়ে সাফল্যৰ ধাৰা অক্ষুন্ন ৰাখি আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হাৰেৰে পুনৰ উজলি উঠিল। ২০১১ চনত অঞ্চলটোত স্থাপন কৰা আৰু প্ৰতিষ্ঠা কালৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত সু নাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই বিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত কলা শাখাত ৫৯গৰাকী ছাত্ৰ ছাত্ৰী অৱত্তীৰ্ণ হয় আৰু ইয়াৰে ১১গৰাকীয়ে ষ্টাৰ,/ডিষ্টিংচনসহ মুঠ ৩৫গৰাকীয়ে প্ৰথম আৰু ২২গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয় ৷ ষ্টাৰ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকল হ’ল- সুৰভি দেৱী, উৰ্বশী নাথ, বৰষা নাথ, জিমনী মেধি, সংগীতা ৰায়, টুটুমণি বৰ্মন, বৰ্ণিতা শৰ্মা, অমৃত নাথ, অমিত নাথ, অনুজ ৰায় আৰু নবনীতা বৰ্মন। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতো ১০০% উত্তীৰ্ণৰে উজলি উঠা বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলতো এশ শতাংশ উত্তীৰ্ণ হাৰৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

প্ৰেৰক ৰুবুলকান্তি দাস

You might also like