ইৰান-আমেৰিকা সংঘাতত উত্তপ্ত মধ্যপ্ৰাচ্য
মধ্যপ্ৰাচ্যত বিগত ২৪ ঘণ্টাত পৰিস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা আৰু ইজৰাইলৰ ফালৰ পৰা ইৰানৰ ওপৰত কেইবাটাও ডাঙৰ আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই ১,৭০০ৰো অধিক ঠাইক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ কথা জানিবলৈ দিছে। United States Central Command-এ জনাইছে যে উপসাগৰৰ গুৰুত্বপূৰ্ণ সামুদ্ৰিক অঞ্চলসমূহত ইৰানৰ ১৭খন জাহাজ ধ্বংস কৰা হৈছে, ইয়াত এখন ছাবমেৰিনো অন্তৰ্ভুক্ত। এই বাঢ়ি অহা সংঘাতে বিশ্বজুৰি উদ্বেগ বৃদ্ধি কৰিছে।
ছৌদি প্ৰেছ এজেঞ্চীৰ তথ্য অনুসৰি ছৌদি আৰবে বুধবাৰে পুৱা নিজৰ আকাশসীমাত প্ৰৱেশ কৰা ৯খন ড্ৰোন গুলীয়াই পেলায়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ড্ৰোনসমূহ দেশৰ সীমাত প্ৰৱেশ কৰিয়েই ধ্বংস কৰা হয়।
লেবাননৰ সংগঠন হিজবুল্লাই দাবী কৰিছে যে তেওঁলোকে উত্তৰ ইজৰাইলৰ চহৰ মেটুলাত ইজৰাইলী সেনাৰ ওপৰত ৰকেট নিক্ষেপ কৰিছে। তাৰ পূৰ্বে তেওঁলোকে Haifaৰ এখন নৌ-ঘাটিত মিছাইল আক্ৰমণ কৰাৰ কথাও কৈছিল।
আমেৰিকী সেনাই ইৰাণৰ ১৭খন জাহাজ ধ্বংস কৰাৰ লগতে প্ৰায় ২,০০০ ঠাইত আক্ৰমণ চলাইছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ষ্ট্ৰেইট অৱ হৰমুজৰ মাজেৰে যোৱা তেল টেংকাৰসমূহক আমেৰিকী নৌসেনাই সুৰক্ষা প্ৰদান কৰিব। তেওঁ কয় যে বিশ্ব শক্তি যোগান ব্যাহত হ’বলৈ দিয়া নহ’ব। তেহৰানত আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা তেলৰ মূল্য ১৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।
হোৱাইট হাউছত জাৰ্মানীৰ চেন্সেলৰৰ সৈতে বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে জাৰ্মানীয়ে নিজৰ কিছু ঘাটিত আমেৰিকাৰ সেনাক প্ৰৱেশৰ অনুমতি দি সহায় কৰিছে।
ইৰানত আক্ৰমণৰ পিছত আমেৰিকাৰ শ্বেয়াৰ বজাৰত পতন দেখা গৈছে। তেহৰানে Strait of Hormuz বন্ধ কৰাৰ হুমকি দিছে, ফলত খনিজ তেলৰ মূল্য আৰু জাহাজ ভাৰাও বৃদ্ধি পাইছে। এছিয়াৰ বজাৰসমূহতো পতন দেখা গৈছে। টকিঅত নিক্কেই ২২৫ সূচক প্ৰায় ১.৭ শতাংশ হ্ৰাস পাইছে। ছিউলত কছপি আৰু কছডেক ৮ শতাংশতকৈ অধিক হ্ৰাস পোৱাত কিছু সময়ৰ বাবে ব্যৱসায় স্থগিত কৰিবলগীয়া হয়। হংকঙৰ হেং চেং সূচকো ১.২ শতাংশ হ্ৰাস পাইছে।
যুদ্ধৰ ফলত সামুদ্ৰিক পথ প্ৰভাৱিত হৈছে। প্ৰায় ৪ লাখ মেট্ৰিক টন ভাৰতীয় বাচমতি চাউল বন্দৰ বা পথত আবদ্ধ হৈ আছে।
ইৰাকৰ Erbilত অৱস্থিত আমেৰিকাৰ বাণিজ্য দূতাৱাসক লক্ষ্য কৰি অহা এখন ড্ৰোন সুৰক্ষা বাহিনীয়ে ধ্বংস কৰে।
ডুবাইত লোকসকলে শব্দ শুনা বুলি জনায়। কৰ্তৃপক্ষই কয় যে এই শব্দ এয়াৰ ডিফেন্স ব্যৱস্থাৰ কাৰ্যকলাপৰ ফল।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে কয় যে চাইপ্ৰাছত ড্ৰোন আক্ৰমণৰ পিছত কাউণ্টাৰ-ড্ৰোন সক্ষমতা থকা হেলিকপ্টাৰ পঠিওৱা হৈছে আৰু এয়াৰ ডিফেন্স জাহাজ HMS Dragon অঞ্চলটোত নিয়োগ কৰা হৈছে।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ