নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ এখন বিশেষ ঘৰৰ আলহী হ’ব কেন্দ্রীয় গৃহমন্ত্রী

১১ ফেব্রুৱাৰীত অসমলৈ অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনক লক্ষ্য কৰি অতি কম সময়ৰ ভিতৰত অসম ভ্রমণ কৰি বিশাল জনসভাত অংশগ্রহণ কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ পুনৰ আহিব ৰাজ্যখনলৈ৷ কিন্তু এই ভ্রমণত গৃহমন্ত্রীগৰাকীয়ে অংশ নলয় কোনো জনসভাত, তেওঁ আহিব ব্যক্তিগত অতিথি হৈ৷ চিৰাঙৰ ঢ়ালিগাঁও থানাৰ অন্তর্গত ছাতিপুৰ গাঁৱৰ কোচ ৰাজবংশী সম্প্রদায়ৰ ধর্মীয় নেতা অনন্ত ৰায়ৰ ঘৰলৈ অহা ১১ ফেব্রুৱাৰীত ব্যক্তিগত আলহী হৈ উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷ উল্লেখ্য যে গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ অন্যতম প্রতিষ্ঠাপক অনন্ত ৰায়৷ এইগৰাকী ব্যক্তিৰ গৃহলৈ হঠাৎ গৃহমন্ত্রী অমিত শ্বাহৰ আগমনক লৈ স্বাভাৱিকতে আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক চর্চা৷ জানিব পৰা মতে, পশ্চিমবংগৰ ৭খন জিলাৰ প্রায় ১৮.৫ লাখ ভোটাৰ আৰু অসমৰো যথেষ্টসংখ্যক ভোটাৰ ৰাইজৰ মাজত বিশেষ প্রভাৱ আছে কোচবিহাৰ এছ’চিয়েচন নামৰ সংগঠনটোৰ৷

আগন্তুক অসম আৰু পশ্চিমংবগৰ বিধানসভা নির্বাচনত অনন্ত ৰায় নেতৃত্বাধীন কোচবিহাৰ এছ’চিয়েচনে বিশেষ ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী প্রভাৱশালী ব্যক্তি হিচাপে জনাজাত অনন্ত ৰায়৷ কোচবিহাৰ তথা পশ্চিমবংগৰ ৭খন জিলাত ৰাজনৈতিক প্রভাৱ থকা অনন্ত ৰায় চুবুৰীয়া ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অন্যতম গুৰুত্বপূর্ণ ব্যক্তি হৈ পৰিছে৷ সেয়েহে অনন্ত ৰায়ৰ বাসগৃহত ব্যক্তিগত আলহী হৈ ১১ ফেব্রুৱাৰীত উপস্থিত হ’ব অমিত শ্বাহ৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক সংগ দিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইতিমধ্যে অমিত শ্বাহৰ আগমনক লৈ চিৰাং জিলা প্রশাসনে অনন্ত ৰায়ৰ বাসগৃহৰ লগতে স্থানীয় অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ইফালে, কেন্দ্রীয় গৃহমন্ত্রীৰ আগমনত উৎসাহিত হৈ পৰিছে অনন্ত ৰায়৷ সংবাদ মাধ্যমৰ আগত তেওঁৰ মন্তব্য– অমিত শ্বাহ মোৰ ঘৰৰ আলহী হ’ব বুলি অত্যন্ত আনন্দিত হৈছোঁ৷ তেওঁক আদৰিবলৈ আমি সকলো প্রস্তুতি চলাইছোঁ৷ আমাৰ আতিথ্য তেওঁ আদৰি ল’ব বুলি আশা কৰিছোঁ৷

You might also like