নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতি অধ্যুষিত উত্তৰ-পূৱৰ ৫৯ শতাংশ পৰিয়ালেই ভূমিহীন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জনজাতি অধ্যুষিত উত্তৰ–পূর্বাঞ্চলৰ ৫৮.৯১ শতাংশ পৰিয়াল ভূমিহীন৷ ইয়াৰ ২৯.৩ শতাংশ পৰিয়ালৰ স্থায়ী কোনো সংস্থাপন নাই৷ কেন্দ্রীয় জনজাতি পৰিক্রমা বিভাগৰ ৰাজ্যমন্ত্রী ৰেণুকা সিং ছৰুতাই অলপতে সংসদৰ মজিয়াত এই উদ্বেগজনক তথ্য প্রদান কৰিছে৷ মূলতঃ উত্তৰ–পূবৰ গ্রামাঞ্চলৰ তথ্য দাঙি ধৰি মন্ত্রী ছৰুতাই প্রকাশ কৰা মতে, শেহতীয়া আর্থ–সামাজিক আৰু জাতি জনগণনাৰ প্রতিবেদন অনুসৰি সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ গ্রামাঞ্চলত ভূমিহীন পৰিয়ালৰ সংখ্যা দেশৰ অন্যান্য প্রান্ততকৈ অপেক্ষিকভাৱে বেছি৷ এটা সময়ত সম্প্রদায়ভিত্তিক ভূমিৰ মালিকানা থকা উত্তৰ–পূর্বাঞ্চলৰ বাবে এয়া নিঃসন্দেহে অত্যন্ত উদ্বেগজনক বিষয় হিচাপে বিবেচিত হৈছে৷ মন্ত্রী ছৰুতাই নিজৰ বিবৃতিত জনায় যে এতিয়াও উত্তৰ–পূর্বাঞ্চলৰ ভিন্ন প্রান্তত এই ব্যৱস্থা অটুট থকা সত্ত্বেও জনজাতি অধ্যুষিত উত্তৰ–পূর্বাঞ্চলৰ গ্রামাঞ্চলত এতিয়া ৫৮.৯১ শতাংশ পৰিয়াল ভূমিহীন অৱস্থাত আছে৷

লক্ষণীয়ভাৱে ইয়াৰ প্রকৃত কাৰণ দিব পৰা নাই বিভাগীয় ৰাজ্য মন্ত্রীগৰাকীয়ে৷ মন্ত্রী ছৰুতাই প্রদান কৰা আন উদ্বেগজনক তথ্যটো হৈছে ভূমিহীন এই বৃহৎসংখ্যক পৰিয়ালৰ ২৯.৩ শতাংশ পৰিয়ালৰ কোনো সদস্যৰ ওচৰত নাই স্থায়ী সংস্থাপন৷ কায়িক পৰিশ্রম কৰিহে অঞ্চলটোৰ এক বৃহৎসংখ্যক লোকে জীৱন নির্বাহ কৰে৷ আনহাতে উত্তৰ–পূর্বাঞ্চলৰ ১৭.৬ শতাংশ অনুসূচিত জনজাতি পৰিয়ালৰো নাই কোনো স্থায়ী সংস্থাপন৷ আনহাতে মন্ত্রী ছৰুতাই ৰাজ্যসভাত প্রদান কৰা বিবৃতিত দেখা গৈছে যে জনমূৰি ৰাজ্যিক ঘৰুৱা উৎপাদনৰ নিৰিখত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত দ্বিতীয় সর্বনিম্ন ৰাজ্যখন হৈছে অসম৷ ২০১১–১২ বিত্তীয় বর্ষক ভিত্তিবর্ষ হিচাপে লৈ বর্তমান মূল্যত ২০২০–২১ চনত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ নিৰিখত জনমূৰি আয় হৈছে ৮৬,৮৫৭ টকা৷ অসমতকৈ কম জনমূৰি আয় থকা একমাত্র ৰাজ্য হৈছে মেঘালয় (৮৪,৬৩৮ টকা)৷ ইয়াৰ বিপৰীতে সর্বাধিক জনমূৰি আয় থকা ৰাজ্যখন হৈছে ছিকিম (৪,১২,৭৫৪ টকা)৷

একেদৰে অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, ত্রিপুৰা আৰু মণিপুৰৰ বর্তমান মূল্যৰ নিৰিখত জনমূৰি আয় হৈছে ক্রমে ১,৯২,৩৬০ টকা, ১,৪৪,৩৯৪ টকা, ১,২৩,৩৮৫ টকা, ১,১৯,৭৮৯ টকা আৰু ৮৭,৮৩২ টকা৷ কেন্দ্রীয় জনজাতি পৰিক্রমা বিভাগৰ ৰাজ্য মন্ত্রীগৰাকীয়ে ২০১১–১২ বিত্তীয় বর্ষক ভিত্তিবর্ষ হিচাপে লৈ ধ্রুবক মূল্যত ২০২০–২১ চনৰ ৰাজ্যসমূহৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ নিৰিখত জনমূৰি আয়ৰ তথ্যও প্রদান কৰিছে৷ ধ্রুবক মূল্যত দেখা গৈছে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত তৃতীয় সর্বনিম্ন ৰাজ্য হৈছে অসম৷ ধ্রুবক মূল্যত অসমৰ জনমূৰি আয় হৈছে মাত্র ৫৭,২২৭ টকা৷ আনহাতে ধ্রুবক মূল্যতো অঞ্চলটোৰ সর্বাধিক জনমূৰি আয় থকা ৰাজ্যখন হৈছে ছিকিম (২,৩৯,৯২৮ টকা)৷ একেদৰে ধ্রুবক মূল্যত অৰুণাচল প্রদেশ, মিজোৰাম, ত্রিপুৰা, নাগালেণ্ড, মেঘালয় আৰু মণিপুৰৰ জনমূৰি আয় হৈছে ক্রমে ১,০৮,৭০৬ টকা, ৯৭,৪০৮ টকা, ৮০,৫১২ টকা, ৬৯,৬৬৩ টকা, ৫৬,৬৭৯ টকা আৰু ৫১,৮৭৬ টকা৷ পিছে গ্রামাঞ্চল, চহৰাঞ্চল তথা জাতি–জনগোষ্ঠীৰ আধাৰত জনমূৰি আয়ৰ কোনো তথ্য নাই বুলি মন্ত্রী ছৰুতাই নিজৰ বিবৃতিত স্পষ্ট কৰি দিয়ে৷

You might also like