নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ মাহত ১১৫ নিযুত কিঃগ্রাঃ চাহপাত বিক্রী

🔹 ৰাজ্যৰ অর্থনীতিলৈ গুৱাহাটী চাহ নিলাম কেন্দ্রৰ ইতিবাচক বার্তা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ডিচেম্বৰ : প্রতিকূল জলবায়ু–উৎপাদন ব্যয় বৃদ্ধি–মূল্য স্থবিৰতাই অসমৰ চাহ উদ্যোগটোক সংকটৰ মাজলৈ ঠেলি দিয়াৰ সময়তে গুৱাহাটী চাহ নিলাম কেন্দ্র (গুৱাহাটী টী অক্সন চেণ্টাৰ)–ই ৰাজ্যৰ অর্থনীতিলৈ এক ইতিবাচক বার্তা কঢ়িয়াই আনিছে ৷ চলিত ২০২৩–২৪ বিত্তীয় বর্ষৰ ৮ মাহ এসপ্তাহৰ ভিতৰত গুৱাহাটী টী অক্সন চেণ্টাৰত বিক্রী হৈছে ২,৩০০ কোটি টকা মূল্যৰ প্রায় ১১৫ নিযুত কিলোগ্রাম ‘অসমৰ চাহপাত’৷ যিটো গুৱাহাটী টী অক্সন চেণ্টাৰৰ বাবে আন এক অভিলেখ ৰূপে চিহ্ণিত হৈছে৷ বিক্রী হোৱা এই ১১৫ নিযুত কিলোগ্রাম চাহপাতৰ প্রতি কিলোগ্রামৰ বিপৰীতে গড় মূল্য নির্ধাৰণ হৈছে ১৯৮.৫১ টকা৷ গুৱাহাটী টী অক্সন বায়ার্ছ এছ’চিয়েচনৰ সম্পাদক দীনেশ বিহানীয়ে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে৷ তেওঁ কয় যে এতিয়া ডিচেম্বৰ মাহ চলি আছে৷ চলিত বর্ষৰ চাহ উৎপাদনৰ সময় প্রায় চমু চাপি আহিছে৷ ২০২৩–২৪ বর্ষত গুৱাহাটী টী অক্সন চেণ্টাৰৰ বিক্রী নং ১৪ (এপ্রিলৰ প্রথম সপ্তাহ)ৰ পৰা বিক্রী নং ৪৯ (ডিচেম্বৰৰ প্রথম সপ্তাহ)লৈকে চাহপাত বিক্রী হৈছে মুঠ ১১৫ নিযুত কিলোগ্রাম৷ য’ত প্রতি কিলোগ্রাম চাহপাতৰ বিপৰীতে গড়ে ১৯৮.৫১ টকাকৈ মূল্য নির্ধাৰণ কৰা হৈছে৷ বছৰটো শেষ হোৱালৈকে গুৱাহাটী টী অক্সন চেণ্টাৰত আৰু অধিক পৰিমাণৰ চাহপাত বিক্রী হোৱাৰ আশা কৰিব পাৰি৷ উল্লেখ্য যে ১৯৭০ চনত স্থাপিত গুৱাহাটী টী অক্সন চেণ্টাৰ চি টি চি চাহপাত নিলামৰ বাবে বিশ্বজুৰি পৰিচিত৷ বিগত বিত্তীয় বর্ষৰ ডিচেম্বৰৰ প্রথম সপ্তাহ পর্যন্ত গুৱাহাটী টী অক্সন চেণ্টাৰত প্রতি কিলোগ্রামত গড়ে ২০১.১৪ টকা মূল্যৰ মুঠ ১১৪.৫০ নিযুত চাহপাত বিক্রী হৈছিল৷ সেই দিশৰ পৰা এইবাৰ বিক্রী হোৱা চাহপাতৰ পৰিমাণ বৃদ্ধি পাইছে৷ তদুপৰি বছৰটোৰ শেষলৈ যদিহে আশা কৰা ধৰণে আৰু অধিক বিক্রী হয় তেন্তে স্বাভাৱিকতেই এই পৰিসংখ্যাও বাঢ়ি যাব৷ ২০২৩–২৪ বিত্তীয় বর্ষৰ পৰিসংখ্যাৰ পৰাই এই কথা স্পষ্ট হয় যে বজাৰত অসমৰ চাহপাতৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে৷ ই অসমৰ চাহ উদ্যোগৰ স্থিতিস্থাপকতা আৰু গুণগত মানো প্রতীয়মান কৰে৷ অভিলেখ ভংগকাৰী বিক্রীয়ে অসমৰ চাহপাতৰ অর্থনৈতিক তাৎপর্যক উজ্জ্বল কৰি তোলাই নহয়, ধাৰাবাহিকভাৱে মানসম্পন্ন চাহপাত উৎপাদন কৰা খেতিয়কসকলৰ প্রচেষ্টাৰ প্রতিও দৃষ্টি আকর্ষণ কৰিছে৷ চাহ উদ্যোগ বিশেষজ্ঞসকলে এই উল্লেখযোগ্য সফলতাৰ কাৰণ ৰূপে অভিহিত কৰিছে অসমৰ চাহপাতৰ গুণগত মান, সুকীয়া সোৱাদ আৰু সুগন্ধিক৷ এক কথাত ক’বলৈ গ’লে অসমৰ চাহপাতৰ অনন্য বৈশিষ্ট্যৰ প্রতি বিশ্বব্যাপী থকা স্বীকৃতিয়ে নিঃসন্দেহে বজাৰত ইয়াৰ চাহিদা দিনকদিনে বাঢ়ি যোৱাত অৰিহণা যোগাইছে৷ পূর্বে উল্লেখ কৰি অহা হৈছে যে গুৱাহাটী টী অক্সন চেণ্টাৰত হোৱা অভিলেখপূর্ণ বিক্রী ৰাজ্যৰ অর্থনীতিৰ বাবে এক ইতিবাচক বার্তা৷ কিয়নো বজাৰত অসমৰ চাহৰ চাহিদা–মূল্যবৃদ্ধিৰ অর্থ হ’ল উৎপাদকসকল লাভৱান্বিত হোৱা৷ যিয়ে এক ইতিবাচক অর্থনৈতিক উত্থানৰ পথ প্রদর্শন কৰে৷ এই আর্থিক উত্থানে ৰাজ্যৰ অর্থনীতিলৈ অৰিহণা আগবঢ়োৱাৰ সমান্তৰালভাৱে চাহ উদ্যোগ খণ্ডটোৰ সৈতে জড়িতসকলৰ জীৱিকাৰ ওপৰতো সুদূৰপ্রসাৰী প্রভাৱ পেলাব বুলি আশা কৰিব পাৰি৷ গুৱাহাটী টী অক্সন বায়ার্ছ এছ’চিয়েচনৰ সম্পাদক দীনেশ বিহানীয়ে সদৰী কৰা আন এক তথ্য অনুসৰি, এইবাৰ ‘অসমৰ চাহপাত’ৰ এক বিশেষ ব্রেণ্ড ‘গোল্ডেন নীডল’ কিলোগ্রামেপতি বিক্রী হৈছে ৬১ হাজাৰ টকাত৷ যিটো গুৱাহাটী টী অক্সন চেণ্টাৰত হোৱা নিলামৰ আন এক উল্লেখনীয় দিশ৷ তদুপৰি পূর্বৰ দৰে হালমাৰী, হুকমূল, সোটাই, খোনা, বনমালী আৰু গেলেকীৰ দৰে ব্রেণ্ডসমূহো পূর্বৰ দৰে এইবাৰো ক্রেতাৰ আকর্ষণৰ কেন্দ্রবিন্দু আছিল৷ গুৱাহাটী টী অক্সন চেণ্টাৰে ইয়াৰ পূর্বেও চাহপাত বিক্রীৰ ক্ষেত্রত কেতবোৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ ডিব্রুগড়ৰ মনোহাৰী চাহ বাগিচাই উৎপাদন কৰা ‘মনোহাৰী গোল্ড’ ব্রেণ্ডৰ এক কিলোগ্রাম চাহ বিগত বর্ষত বিক্রী হৈছিল ১.১৫ লাখ টকাত৷ ইনটেক প’র্টেলৰ জৰিয়তে হোৱা নিলামত হস্তনির্মিত এই বিশেষ ব্রেণ্ডৰ চাহপাত অভূতপূর্ব দৰত ক্রয় কৰিছিল হায়দৰাবাদৰ কেফে নীলোফাৰ নামৰ প্রতিষ্ঠানটোৰ হৈ আৰ কে টী ছেলছে৷ ২০২১ চনত একেটা ব্রেণ্ডৰ এক কিলোগ্রাম চাহপাত গুৱাহাটী টী অক্সন চেণ্টাৰত বিক্রী হৈছিল ৯৯,৯৯৯ টকাত৷ তদুপৰি ২০২০ চনত ডিকম চাহ বাগিচাই গুৱাহাটী টী অক্সন চেণ্টাৰত তেওঁলোকৰ ‘গোল্ডেন বাটাৰফ্লাই’ নামৰ ব্রেণ্ডটোৰ এক কিলোগ্রাম চাহপাত বিক্রী কৰিছিল ৭৫ হাজাৰ টকাত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমত ৮৫০খনতকৈও অধিক বৃহৎ চাহ বাগিচা আছে৷ দেশৰ মুঠ উৎপাদিত চাহপাতৰ ৫২ শতাংশই উৎপাদন হয় অসমত৷ কিন্তু ২০১৪ চনৰ পৰা অসমৰ চাহ উদ্যোগটোৱে মূল্য স্থবিৰতাৰ ফলত সংকটৰ মাজত সোমাই পৰিছে৷ এইক্ষেত্রত প্রতিকূল জলবায়ু আৰু উৎপাদন ব্যয় বৃদ্ধিয়েও মাধমাৰ শোধাইছে চাহ উদ্যোগটোক৷ তাৰ মাজতে ২০২৩–২৪ বিত্তীয় বর্ষৰ ডিচেম্বৰ মাহৰ প্রথম সপ্তাহপর্যন্ত গুৱাহাটী টী অক্সন চেণ্টাৰত হোৱা অভিলেখপূর্ণ বিক্রী চাহ উদ্যোগটোৰ বাবে কেৱল যোগাত্মকেই নহয়, বৰঞ্চ ৰাজ্যখনৰ চহকী ঐতিহ্য আৰু বিশ্ব চাহ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপেও আখ্যা দিব পাৰি৷

You might also like