নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰে শান্তি আলোচনা

হিংসা–হত্যাৰ বিভীষিকাৰে আকৌ সক্রিয় হোৱাৰ চেষ্টা চলাইছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে৷ শেহতীয়াকৈ উজনি অসমত সেনাক লক্ষ্য কৰি দুটা গ্রেনেড বিস্ফোৰণৰ ঘটনাৰ পিছত সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতা বৃদ্ধি হৈছে৷ ৯০ৰ দশকৰ পৰা প্রায় আঢ়ৈ দশক ধৰি আলফাই সংঘটিত কৰা হিংসা–হত্যাৰ বিভীষিকা এটা দশকৰ ভিতৰত লক্ষণীয়ভাৱে হ্রাস পাইছে৷ উগ্রপন্থীজনিত এনে বিভীষিকা হ্রাস হোৱাৰ লগে লগে ৰাজ্যখনত সামগ্রিক আইন–শৃংখলা ব্যৱস্থা বহু পৰিমাণে উন্নত হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ উন্নয়নমূলক কাম–কাজৰ লগতে সর্বক্ষেত্রত বিনিয়োগ বাঢ়িছে৷ এনে পৰিস্থিতিত আলফা স্বাধীনে সংঘটিত কৰা গ্রেনেড বিস্ফোৰণে শান্তিপ্রিয় অসমবাসীৰ মনত পুনৰ পূর্বৰ বিভীষিকাৰ ছবিখন মনত পেলাই দিছে৷ অসমক প্রাণভৰি ভালপোৱা কোনো এজন লোকে পুনৰ এনে বিভীষিকাময় পৰিস্থিতিৰ ছবিখন চাবলৈ নিবিচাৰে৷ যোৰহাটৰ লিচুবাৰীৰ সেনা শিবিৰত ১৪ ডিচেম্বৰত সংঘটিত বিস্ফোৰণৰ দায়িত্ব আলফা স্বাধীনে লৈছে৷ এই ঘটনাৰ তদন্তৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনস্থ কেন্দ্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ এটি দলেও তদন্ত কৰি আছে৷ এনে সময়তে গ্রেনেড বিস্ফোৰণক লৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধান আৰু আলফা স্বাধীনৰ মাজত মুকলি বাকযুদ্ধ আৰম্ভ হৈছে৷ সর্বসাধাৰণ ৰাইজক ভীতিগ্রস্ত কৰা বিস্ফোৰণৰ লেখিয়া কূটাঘাতৰ বিপৰীতে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে তেওঁৰ ওপৰত আক্রমণ চলাবলৈ আলফা স্বাধীনক প্রত্যাহ্বান জনাইছে৷ ইয়াৰ প্রত্যুত্তৰত আৰক্ষী সঞ্চালকপ্রধানগৰাকীক নিৰাপত্তাৰক্ষী অবিহনে মুকলি বিচৰণ কৰাৰ বাবেও আলফা স্বাধীনে প্রত্যাহ্বান জনাইছে৷ আৰক্ষী সঞ্চালকপ্রধান আৰু আলফা স্বাধীনৰ এনে বাকযুদ্ধই কোনো কাৰণতে ৰাজ্যখনত শান্তি প্রতিষ্ঠাত সহায় নকৰে৷ ৰাজ্যখনত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ হ’লে উভয় পক্ষই ইতিবাচক ভূমিকা গ্রহণ কৰিব লাগিব৷ শান্তি আলোচনাৰ বাবে বিগত তিনি দশকৰো অধিক পৰেশ বৰুৱাক চৰকাৰী পক্ষই আহ্বান জনাই আছে৷ পৰেশ বৰুৱাই কোনোদিনে আলোচনাৰ মুকলি বিৰোধিতা কৰা নাই৷ কিন্তু শান্তি প্রতিষ্ঠাৰ বাবে প্রয়োজনীয় আনুষ্ঠানিক আলোচনা এতিয়ালৈ পৰেশ বৰুৱাৰ স’তে হৈ উঠা নাই৷ কেন্দ্রীয় চৰকাৰে ২০০৩ চনত ভূটানত আৰু ২০১০ত বাংলাদেশত থকা আলফাৰ ঘাটি উৎখাত কৰাৰ পিছত সংগঠনটোৰ সাংগঠনিক ভেটি বহু পৰিমাণে দুর্বল হৈছে যদিও পৰেশ বৰুৱাই সংগঠনটোক জীয়াই ৰাখিছে৷ আলফাৰ দীর্ঘকাল নেতৃত্বত থকা অধিকাংশ নেতা–সদস্যই আত্মসমর্পণ অথবা আলোচনাৰ পক্ষত থাকি মুকলি আকাশৰ তললৈ ওলাই আহিছে৷ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ–সভাপতি প্রদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ–মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, কেন্দ্রীয় প্রচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সচিব প্রণতি ডেকা আদিয়েও আলোচনাৰ বাবে আগবাঢ়ি পৰেশ বৰুৱাৰ সংগ ত্যাগ কৰিছে৷
পৰেশ বৰুৱাক এলাগী কৰি আলফাৰ কেন্দ্রীয় নেতাসকলৰ স’তে প্রায় ১২ বছৰ ধৰি চলি থকা আলোচনা প্রক্রিয়াই শেহতীয়াকৈ গতি লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ ডিচেম্বৰত নতুন দিল্লীত ঘোষণা কৰিছে যে আলফা আলোচনাপন্থী গোটৰ স’তে এমাহৰ ভিতৰতে সমাধান–সূত্র ওলাব৷ অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোক অগ্রাধিকাৰ দিয়াৰ চিন্তা–চর্চা চলিছে৷ অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফা আলোচনাপন্থী গোটৰ স’তে শান্তি চুক্তি স্বাক্ষৰৰ পিছতে পৰেশ বৰুৱাৰ স’তে আনুষ্ঠানিক আলোচনা প্রক্রিয়া আৰম্ভ কৰিবলৈ পৰিকল্পনা লৈছে মুখ্যমন্ত্রীগৰাকীয়ে৷ পৰেশ বৰুৱা অবিহনে আলফাৰ স’তে শান্তি আলোচনাই ৰাজ্যখনত কেতিয়াও স্থায়ী শান্তি ঘূৰাই আনিব নোৱাৰে৷ পৰেশ বৰুৱাৰ স’তে আনুষ্ঠানিক আলোচনা নোহোৱালৈকে আলফা স্বাধীনলৈ একাংশ যুৱক–যুৱতীৰ গমন চলি থকাটো স্বাভাৱিক৷ ৯০ৰ দশকত একাংশ যুৱক–যুৱতীয়ে আৱেগৰ বশৱর্তী হৈ সংগঠনটোত যোগ দিছিল৷ এতিয়া পূর্বৰ পৰিৱেশ নাই৷ সেয়ে সংগঠনটোত যোগদান কৰা যুৱক–যুৱতীৰ সংখ্যা বহু পৰিমাণে হ্রাস হৈছে৷ কিন্তু কূটাঘাতমূলক কার্যৰে ৰাজ্যখনৰ শান্তিৰ বাতাৱৰণ বিনষ্ট কৰিবলৈ অথবা বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ আলফাত অধিক শক্তিৰ প্রয়োজন নাই৷ সেয়ে প্রায় ৪ দশকজোৰা ৰাজ্যখনত সন্ত্রাসবাদৰ বটবৃক্ষ সম্পূর্ণভাৱে নির্মূল কৰিবলৈ হ’লে পৰেশ বৰুৱাক যিকোনো প্রকাৰে আলোচনাৰ মজিয়াত চামিল কৰাটো অতি জৰুৰী৷ বিগত সময়ছোৱাত আলফাই বিভিন্ন দুর্যোগৰ সন্মুখীন হৈছে৷ সংগঠনটোৰ প্রায় ২০ হাজাৰ নেতা–সদস্যই আত্মসমর্পণ কৰিছে৷ আলফাৰ বিৰুদ্ধে অসমজুৰি কেইবাটাও সামৰিক অভিযান চলিছে৷ আনকি চুবুৰীয়া ভূটান আৰু বাংলাদেশতো বিশেষ অভিযান চলোৱা হৈছে৷ তথাপি সম্পূর্ণৰূপে আলফাক নির্মূল কৰিব পৰা নাই৷ সংগঠনটোৰ মুৰব্বীৰূপে পৰেশ বৰুৱাই দীর্ঘকাল নিজৰ স্থিতিত অটল আছে৷ চৰকাৰ আৰু আলফাৰ মাজত চলি থকা যুঁজখনত প্রায় ১২ হাজাৰ লোকে প্রাণ হেৰুৱাইছে৷ ইয়াৰে সর্বাধিক নিৰপৰাধ লোক৷ সংগঠনটোৰ নেতা–সদস্যৰ উপৰি নিৰাপত্তা বাহিনীৰ লোকো আছে৷ সশস্ত্র সংগ্রামৰ নামত চাৰি দশকজোৰা ৰক্তক্ষয়ী পৰিস্থিতিৰ সমাধান–সূত্রও সন্মানজনক হ’ব লাগিব৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে চৰকাৰ আৰু আলফাই শান্তি চুক্তিখন ইতিহাসৰ দৃষ্টান্ত গঢ়াৰ সুযোগ আহিছে৷ এইক্ষেত্রত পৰেশ বৰুৱাই ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি আহি ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ সুৰক্ষিত কৰা উচিত৷

You might also like