নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রামাঞ্চলত কার্যতঃ অসাৰ অনলাইন শিক্ষা ব্যৱস্থাঃ অসমৰ ১,২৩১ গাঁৱত নাই ইণ্টাৰনেট

নিয়মীয়া বাৰ্তা, ৯ জুনঃ ক’ৰোনা প্রতিৰোধৰ বাবে ৰাজ্যত বলৱৎ হৈ আছে আংশিক লকডাউন৷ সকলো শিক্ষানুষ্ঠান বন্ধ৷ প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত সকলো ছাত্র–ছাত্রীয়ে অনলাইন মাধ্যমত শিক্ষাগ্রহণ কৰিবলগীয়া হৈছে৷ আনকি পৰীক্ষাও অনুষ্ঠিত হৈছে অনলাইন পদ্ধতিত৷ কিন্তু ৰাজ্যত এতিয়াও উপযুক্ত সুবিধাসম্পন্ন ম’বাইল ফোন আৰু সঠিক স্পীডৰ ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱাত অনলাইন শিক্ষাদান আৰু শিক্ষাগ্রহণ, এই দুয়োটা গুৰুত্বপূর্ণ বিষয় এতিয়া অকার্যকৰী হৈ পৰিছে৷ স্বাভাৱিকতে এনে ঘটনাৰ বাবে লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যতো অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ কাৰোবাৰ হাতত যদি স্মার্টফোন নাই, আন কোনো ঠাইত অত্যন্ত লেহেমীয়া ইণ্টাৰনেট৷ শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱক ডিজিটেলী শিক্ষিতই নহয়৷ এনে পৰিস্থিতিত দীর্ঘদিন ধৰি শিক্ষানুষ্ঠানৰ পৰা আঁতৰত থকা ছাত্র–ছাত্রীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ এক কথাত ক’বলৈ গ’লে অসমত চৰম প্রহসনত পৰিণত হৈছে অনলাইন শিক্ষা ব্যৱস্থা৷

মঙলবাৰৰ দিনত অসমৰ ১,২৩১খন গাঁৱত ইণ্টাৰনেট উপলব্ধই নহয়৷ যোৱা ফেব্রুৱাৰী মাহত কেন্দ্রীয় যোগাযোগ আৰু তথ্য–প্রযুক্তি বিভাগৰ মন্ত্রীয়ে লোকসভাত এই তথ্য সদৰী কৰিছে৷ দেশৰ ৫৫ হাজাৰ ইণ্টাৰনেট সংযোগবিহীন গাঁৱৰ তালিকাত অসমৰো সহস্রাধিক গাঁও অন্তর্ভুক্ত হৈ আছে৷ তদুপৰি ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া (ট্রায়)ৰ তথ্য অনুসৰি অসমত ম’বাইল ফোনৰ ঘনত্ব দেশৰ ভিতৰতে কম৷ সমগ্র ভাৰতৰ ৰাজ্যসমূহত প্রতি এশজন ব্যক্তিৰ ভিতৰত গড়ে ৮৭জনে ম’বাইল ফোন ব্যৱহাৰ কৰে৷

অসমত এই সংখ্যা হ’ল ৬৮৷ এই তালিকাত অসমতকৈ পিছত আছে কেৱল বিহাৰ, মধ্যপ্রদেশ আৰু উত্তৰ প্রদেশ৷ মন কৰিবলগীয়া কথাটো হ’ল, এয়া ম’বাইল ফোন ব্যৱহাৰৰ পৰিসংখ্যাহে৷ এইসকলৰ অধিকাংশৰে হাতত নাই ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা থকা স্মার্টফোন৷ যাৰ বাবে অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অতি নগণ্য৷ ২০১৯–২০ বর্ষত দেশত সম্পন্ন হোৱা ‘নেচনেল ফেমিলী হেল্থ ছার্ভে’ত সোধা এটা অন্যতম প্রশ্ণ আছিল এবাৰ হ’লেও ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছেনে? ১৮ৰ পৰা ৪৯ বছৰ বয়সৰ লোকক এই প্রশ্ন সোধা হৈছিল৷

উক্ত সমীক্ষা অনুসৰি, ইণ্টাৰনেট ব্যৱহাৰকাৰী পুৰুষৰ ক্ষেত্রত দেশত অসম তলৰ পৰা দ্বিতীয় স্থানত৷ অসমৰ ৪২.৩ শতাংশ পুৰুষে ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে৷ অসমতকৈ তলত আছে কেৱল মেঘালয়৷ আনহাতে মহিলাৰ ক্ষেত্রত অসমৰ মাত্র ২৮.২ শতাংশ মহিলাইহে ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে৷ অসমতকৈ তলত থকা ৰাজ্যকেইখন হ’ল– বিহাৰ, অন্ধ্রপ্রদেশ আৰু ত্রিপুৰা৷ অসমৰ তুলনাত মণিপুৰ, মিজোৰাম, ছিকিমৰ ক্রমে ৪৪.৪ শতাংশ, ৬৭.৬ শতাংশ আৰু ৭৬.৭ শতাংশ মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে৷ একেদৰে মণিপুৰৰ ৭৩.৯ শতাংশ, মিজোৰামৰ ৭৯.৭ শতাংশ আৰু ছিকিমৰ ৭৮.২ শতাংশ পুৰুষে ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে৷ একেটা সমীক্ষাতে প্রকাশ পাইছে আন এটা গুৰুত্বপূর্ণ তথ্য৷

অসমত ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্রত গাঁও আৰু চহৰৰ মাজতো আছে বিশেষ পার্থক্য৷ অসমত চহৰাঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা পুৰুষৰ সংখ্যা ৬৭.৪ শতাংশ৷ আনহাতে, গ্রামাঞ্চলত এই সংখ্যা হ’ল ৩৭.৮ শতাংশ৷ গ্রামাঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা পুৰুষৰ ক্ষেত্রত অসমৰ স্থান আটাইতকৈ তলত৷ আনহাতে অসমৰ চহৰাঞ্চলৰ ৪৯ শতাংশ আৰু গ্রামাঞ্চলৰ ২৪.৪ শতাংশ মহিলাইহে ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে৷ অর্থাৎ অসমৰ গ্রামাঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা পুৰুষ–মহিলাৰ সংখ্যা তেনেই নগণ্য৷ তদুপৰি তেওঁলোক এবাৰ হ’লেও ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা ব্যক্তিহে৷ নিয়মীয়া ইণ্টাৰনেট ব্যৱহাৰকাৰী নহয়৷

অনলাইন শিক্ষাগ্রহণৰ ক্ষেত্রত বিদ্যালয়ৰ শিক্ষার্থীসকল কি পৰিস্থিতিৰ সন্মুখীন হৈছে৷ সেয়া সমীক্ষাৰ পৰিসংখ্যাৰ পৰাই পৰিস্ফুট হৈ পৰিছে৷ কেৱল স্মার্টফোন থাকিলেই বা ইণ্টাৰনেট ব্যৱহাৰ কৰিব জনাটোৱে অনলাইন শিক্ষাৰ বাবে পর্যাপ্ত নহয়৷ লগত ভাল স্পীডৰ ইণ্টাৰনেটৰ সুবিধা থকাটোও বাঞ্ছনীয়৷ কিন্তু অসমত দুটা প্রধান টেলি কোম্পানী এয়াৰটেল আৰু জি’ৰ ইণ্টাৰনেটৰ স্পীড দেশৰ ভিতৰত অতি শোচনীয়৷

ট্রায়ৰ তথ্য মতে, অসমত এয়াৰটেলৰ ডাউনলোড স্পীড ৪.৪ এমবিপিএছ আৰু আপলোড স্পীড ৭.৬ এমবিপিএছ৷ একেদৰে ৰিয়ালেঞ্চ জি’ৰ ডাউনলোড স্পীড ৪.৯ এমবিপিএছ আৰু আপলোড স্পীড ২.৬ এমবিপিএছ৷ জম্মু–কাশ্মীৰক বাদ দি আন ৰাজ্যসমূহত ইণ্টাৰনেটৰ স্পীড সন্তোষজনক আৰু অনলাইন শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰাধৰণৰ৷ অর্থাৎ ম’বাইল ব্যৱহাৰকাৰী, ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু ইণ্টাৰনেটৰ স্পীড কোনো এটা দিশৰ পৰাই অসমৰ পৰিৱেশ অনলাইন শিক্ষাৰ বাবে উপযুক্ত নহয়৷ বিগত বর্ষৰ লকডাউনৰ সময়ৰ পৰা শিক্ষানুষ্ঠানসমূহে অনলাইন শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া হ’ল৷ একে সময়তে চৰকাৰেও কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণৰ কথা সদৰী কৰিছিল৷ ইয়াৰ ভিতৰত অন্যতম আছিল ‘জ্ঞানবৃক্ষ’ নামৰ চেনেলটো৷ এই চেনেলৰ ‘লাইভ ক্লাছ ৰুম’ এচিচি আৰু জি টি পি এলযোগে সম্প্রচাৰ হ’ব বুলি ঘোষণা কৰা হৈছিল৷

‘জ্ঞানবৃক্ষ’ চেনেলৰ পৰা অসমৰ কিমান শিক্ষার্থী উপকৃত হ’ল, সেয়া জনাৰ উপায় নাই৷ একেদৰে ষষ্ঠৰ পৰা দশম শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে শিক্ষা বিভাগে ‘বিশ্ব বিদ্যা’ নামৰ আন এটা ইউটিউব চেনেলো মুকলি কৰিছিল৷ এবছৰত এই ইউটিউব চেনেলটোৰ ছাবস্ক্রাইবাৰৰ সংখ্যা হৈছেগৈ মাত্র ১১,৭০০৷ অর্থাৎ টিভি চেনেল, ইউটিউব চেনেল কোনো এটাই ছাত্র–ছাত্রীৰ পৰা সঁহাৰি লাভ কৰা নাই৷ সামগ্রিকভাৱে অসমত নামতহে অনলাইন শিক্ষা ব্যৱস্থা চলি আছে, কার্যক্ষেত্রত তাৰ পৰা বিশেষ একো উদ্দেশ্য পূৰণ হোৱা নাই৷ কাজেই ক’ৰোনাসৃষ্ট পৰিস্থিতিত অসমৰ শিক্ষাজগত স্থবিৰ হৈ পৰিছে৷ একে সময়তে নিম্নমানৰ ইণ্টাৰনেট সেৱাৰ বাবে পৰীক্ষার্থীসকলে জীয়াতু ভুগিবলগীয়া হৈছে৷

You might also like