বিশেষ বাৰ্তা, ২২ জুলাই : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত উদীয়মান শিল্পী সমাজৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা ১৫ দিনীয়া নাট্য কৰ্মশালাখনৰ কালি সফল সামৰণি পৰে। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা সাংস্কৃতিক বিষয়া ৰাজীৱ কৈৰী, নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গুণীন্দ্ৰ নাথ শৰ্মা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ছাজাদ হুছেইন, বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল গগৈ, উদীয়মান শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক জীৱন কুমাৰ বৰুৱা, সদস্য তপেশ্বৰ শইকীয়া, ৰহালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নন্দ বৰুৱা, ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুভাষ দাস, নাওবৈচা শাখা সাহিত্য সভাৰ সম্পাদক গোপাল গগৈ, শান্তি সংঘৰ সভাপতি মুকুল বৰপাত্ৰ, দিলীপ কাকতি, বিপুল বৰপাত্ৰ, ৰমানন্দ শৰ্মা, কেশৱ কাটনী, সংঘৰ তথা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াকে মুখ্য কৰি বহু গণ্যমান্য ব্যক্তি। অনুষ্ঠানটিৰ আঁত ধৰে দীপক কুমাৰ বৰপাত্ৰই।উদীয়মান শিল্পী সমাজৰ সভাপতি নবীন নেওগে সংঘৰ ৫০ বছৰীয়া যাত্ৰাকালৰ সংক্ষেপে বিৱৰণ দাঙি ধৰে। ১৫ দিনীয়া কৰ্মশালাখনিৰ সফল ৰূপায়ণৰ গুৰি ধৰোঁতা প্ৰশিক্ষকসকল ক্ৰমে হিমাংশু প্ৰসাদ দাস, শিৱম শইকীয়া, দৰথি ভৰদ্বাজ, বাণী শইকীয়া, ৰাকেশ বৰা, ভাস্কৰ বৰুৱা, অনবিল মহন্ত, ৰুবুল বৰা, কিৰণ বৰা, হীৰেণ বৰা, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়া তথা সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষী ৰাইজ, অভিভাৱক আৰু উদীয়মান শিল্পী সমাজৰ সমূহ সদস্যলৈ আদৰণী সমিতিৰ সভাপতি উমা গগৈ আৰু সম্পাদক অনুপ হাজৰিকাই বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে বিশেষকৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এনে উদ্যোগৰ বিশেষ শলাগ লয়।
প্ৰেৰক নিতুল বৰা