নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ ভিতৰত ১৫ বিদেশীক ভাৰত ত্যাগৰ নিৰ্দেশ জিলা আয়ুক্তৰ

নগাঁও বিদেশী ন্যায়াধিকৰণ আদালতে নগাঁও জিলাৰ ১৫গৰাকী লোকক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰে। কালি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ (বি) পৰা এই সম্পৰ্কে পোৱা তথ্যৰ ভিত্তিত নগাঁও জিলা আয়ুক্তই কালিয়েই এক নিৰ্দেশযোগে এই ১৫গৰাকী বিদেশী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ জাৰি কৰে। নগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত এই লোকসকল ক্ৰমে জিলাখনৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত কান্ধুলীমাৰীৰ জহুৰা খাতুন (৪৮), ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীআটিৰ হুছেইন আলী (৪৬), বুৰেক আলী (৬০), ৰহিম শ্বেখ (৪৬), চাপৰমুখৰ নজৰুল ইছলাম (৫৫), ৰহা নগৰৰ ইদ্ৰিশ আলী (৪২), চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লেংটেঙৰ আনুৰা বেগম (৫৫), শালবাৰীৰ আশা খাতুন (৫৯), কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁও বাগানৰ ৰুস্তম আলী (৬০), জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীযুঁজুৱাৰ ফজিলা খাতুন (৫৫), জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বগৰীগুৰিৰ আবেদা খাতুন (৪৬), নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হেদায়ৎ নগৰৰ আব্দুল আজিজ (৪৫), জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত গৰুবন্ধাৰ আনোৱাৰ খান (৭৩),  উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ তাহেৰ আলী (৫৮) আৰু ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত গড়েমাটিখোৱাৰ আজুফা খাতুন (৪৫)। এই লোকসকলে নিজৰ ঠিকনা উল্লিখিত এলেকাত দিছে যদিও তেওঁলোকৰ বসতি অন্য অন্য ঠাইত আছে বুলি জানিব পৰা গৈছে। বিদেশী ঘোষিত এই আটাইকেইজন লোক বাংলাদেশৰ। জিলা আয়ুক্তই বিদেশী ঘোষিত এই ১৫জন লোকলৈ পৃথকে জাননী জাৰি কৰিছে। এই লোকসকলক ধুবুৰী, শ্ৰীভূমি, মানকাচৰ, দক্ষিণ শালমাৰা পথেৰে বাংলাদেশলৈ বিতাড়নৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে।

 

বিশেষ বাৰ্তা, নগাঁও, ১৮ ডিচেম্বৰ :

You might also like