নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ হাত দাঙিলে গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়াই…

উৎকোচ লৈ হাত দাঙিবলগীয়া হ’ল ধুবুৰীৰ গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন সাহাই। জানিব পৰা মতে, গোলকগঞ্জ বাহাকাটী গাঁৱৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বিল মোকলাই দিয়াৰ বিনিময়ত দেৱত্তৰ এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰিছিল খণ্ড উন্নয়ন বিষয়া সাহাই।

সেই মৰ্মে, আজি বিচৰা উৎকোচৰ মুঠ ধনৰ কিস্তি ৰূপে ১৫ হাজাৰ টকা প্ৰদান কৰাৰ লগে লগে ৰতন সাহাক হাতে-লোটে কৰায়ত্ত কৰে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে। শেহতীয়াকৈ, বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিলাসীপাৰাৰ ১৩নং ৱাৰ্ডস্থিত বাসগৃহত দলটোৱে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ডিচেম্বৰ

You might also like