নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ নেতৃত্বত অসমত সূচনা হ’ব নৱযুগৰ

বাগিচাৰ শ্রমিক লাইনৰ পৰা কেবিনেট মন্ত্রীলৈ সঞ্জয় কিষাণৰ বর্ণিল যাত্রা

নিয়মীয়া বাৰ্তা ১২ মেঃ তিনিচুকীয়াৰ এখন অখ্যাত চাহ বাগিচা ধেলাখাটৰ ১৪নং গাৰা লাইনৰ পৰা ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভালৈ এটা দৰিদ্র চাহ শ্রমিক পৰিয়ালৰ সন্তান সঞ্জয় কিষাণৰ বর্ণিল যাত্রাই সকলোকে সন্মোহিত কৰিবলৈ সক্ষম হৈছে৷ বাগিচাত কাঠমিস্ত্রী হিচাপে কর্ম কৰা পিতৃ প্রয়াত মোহনলাল কিষাণ আৰু বাগিচাৰ পাত তোলা কর্মত নিয়োজিত মাতৃ প্রয়াত বিলকা কিষাণৰ কনিষ্ঠ পুত্র সঞ্জয় কিষাণে অভাৱ–নাটনৰ মাজেৰে ধেলাখাট চাহ বাগিচাৰ প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলিছিল৷ ঘৰুৱা অসুবিধাৰ বাবে কলেজীয়া জীৱন আধাতে সামৰিব লগা হোৱা সঞ্জয় কিষাণে শৈশৱৰ পৰা সততা, নিষ্ঠা একাগ্রতাৰে সমাজ জীৱনৰ প্রতিটো ক্ষেত্রতে আগৰণুৱা আছিল৷

বাগিচাৰ লাইনৰ চাহ শ্রমিকৰ দুর্দশা ভৰা জীৱনগাথাই সৰুৰে পৰা আমনি কৰা সঞ্জয় কিষাণক বিদ্রোহী কৰি তুলিছিল৷ পৰিয়ালৰ লগতে ধেলাখাট বাগিচাৰ ৰাইজৰ বাবে ‘ভাইটি’ নামেৰে পৰিচিত শিৰিখৰ মাজে মাজে ঝুমুৰ গাই ফুৰা ল’ৰাটো পৰৱর্তী সময়ত চাহ জনজাতি ছাত্র সন্থাৰ লগত জড়িত হৈ পৰিছিল৷ চাহ জনগোষ্ঠীয় ৰাইজৰ সুখ–দুখৰ সমভাগী হৈ তেওঁলোকৰ অভাৱ–ভিযোগসমূহৰ্ সমাধানৰ পথ বিচাৰি ছাত্র সংগঠনটোৰ কাম–কাজত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল কিষাণে৷ ১৯৭০ চনৰ ২৬ জানুৱাৰীত জন্মগ্রহণ কৰা সহজ–সৰল সঞ্জয় কিষাণ আটছাৰ মঞ্চত পিছলৈ আপোচহীন সংগ্রামী নেতা হিচাপে পৰিচিত হৈ পৰিছিল৷

ইফালে নিজৰ সাংগঠনিক দক্ষতাৰ বাবেই আলফাৰ সংগ্রামে অসম অগ্ণিগর্ভ কৰি ৰখাৰ জটিল সন্ধিক্ষণত আটছাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব লৈ বলিষ্ঠ নেতৃত্ব প্রদান কৰিছিল৷ ইফালে যুগ–যুগান্তৰ ধৰি কংগ্রেছে চাহ জনগোষ্ঠীয় ৰাইজক কৰি অহা শোষণ–বঞ্চনাৰ বিৰুদ্ধে ছাত্র সংগঠনত থাকি প্রতিবাদ কৰি অহাৰ সময়ত তেওঁৰ জীৱনলৈ বহুবাৰ ভাবুকিও আহিছিল৷ নিজ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অবিৰত সংগ্রাম চলাই অহা এইগৰাকী ছাত্র নেতাই পৰৱর্তী সময়ত বিজেপিত যোগদান কৰি ২০১১ চনত তিনিচুকীয়া সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হৈছিল যদিও পৰাজিত হৈছিল৷

ইয়াৰ পাছতে বিজেপিৰ চাহ মর্চাৰ সম্পাদকৰ দায়িত্ব লৈ দিনে–নিশাই সমষ্টিত সাংগঠনিক ভেটি মজবুত কৰি ২০১৬ বর্ষত বিপুল ভোটত জয়ী হৈ বিধানসভালৈ নির্বাচিত হয়৷ তিনিচুকীয়াৰ দৰে সমস্যাবহুল সমষ্টি এটাত দিনে–নিশাই কঠোৰ পৰিশ্রমৰ যোগেদি উন্নয়নৰ ধাৰা অব্যাহত ৰখা বাবেই ২০১৮ বর্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মন্ত্রীসভাত শ্রম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব লাভ কৰে৷ নিজৰ কর্মদক্ষতা আৰু জনপ্রিয়তাৰ বাবে এইবাৰ পুনৰ ৭০ হাজাৰৰো অধিক ভোটত জয়ী হৈ সদ্যগঠিত ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাত কেবিনেট মন্ত্রী হিচাপে সঞ্জয় কিষাণৰ অন্তর্ভুক্ত হোৱা এই বর্ণিল যাত্রাই তিনিচুকীয়াবাসীৰ লগতে ধেলাখাট চাহ বাগিচাৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷ অসমৰ ৭০ লক্ষ চাহ জনগোষ্ঠীৰ একমাত্র প্রতিনিধি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাত পুনৰ শ্রম আৰু চাহ জনজাতি কল্যাণ আৰু নিয়োগ দপ্তৰৰ মন্ত্রী হিচাপে দায়িত্ব লাভ কৰা সঞ্জয় কিষাণে চাহ জনগোষ্ঠীৰ জীৱনৰ দুখ–দুর্দশা মোচন কৰিবলৈ সক্ষম হ’বনে ই লক্ষণীয় হ’ব৷

ইফালে সহজ–সৰল শ্রমিক পৰিয়ালৰ সন্তান সঞ্জয় কিষাণে মন্ত্রী হৈও সকলো ধৰণৰ ভি আই পি কালচাৰৰ পৰা নিজক আঁতৰাই ৰাখি সাধাৰণ শ্রেণীৰ ৰাইজৰ মতে হাঁহি মুখে সুখে–দুখে থিয় দিয়াটো লক্ষণীয়৷ ইফালে সমষ্টিবাসী ৰাইজৰ সুবিধার্থে তিনিচুকীয়াত এতিয়াও ভাৰা ঘৰতে থকা মন্ত্রীগৰাকী ঘাই ঘৰৰ ঠিকনা ধেলাখাট বাগিচাৰ ১৪নং লাইনৰ শ্রমিকৰ কোৱার্টাৰ৷ কর্মব্যস্ততাৰ মাজতে ধেলাখাট বাগিচাৰ নিজ গৃহ শ্রমিক কোৱার্টাৰলৈ গৈ পৰিয়ালৰ স’তে সময় কটোৱা এইগৰাকী বিলাসী জীৱনৰ পৰিৱর্তে সহজ–সৰল মন্ত্রী সঁচাই অনুকৰণীয়৷ আনহাতে নৱগঠিত চৰকাৰৰ কেবিনেট মন্ত্রী হিচাপে অন্তর্ভুক্তি লাভ কৰা সঞ্জয় কিষাণে ‘নিয়মীয়া বার্তা’ক কয় যে সুদক্ষ আৰু কঠোৰ পৰিশ্রমী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত এক নৱযুগৰ সূচনা হ’ব৷ এতিয়াৰ পৰা আমাৰ দায়িত্ব অধিক বৃদ্ধি হ’ল বুলি কৈ মন্ত্রীজনে আৰু কয় যে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়িবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আৰম্ভ কৰা যাত্রাৰ অংশীদাৰ হ’বলৈ পাই আমি কৃতজ্ঞ৷

You might also like