নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত প্রতিদ্বন্দ্বিতা নকৰে মহাজোঁটৰ অংশীদাৰ ৬ দলে

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ অধীনস্থ ১২টা সমষ্টিত বিপিএফক সমর্থন দিব মহাজোঁটৰ অংশীদাৰ ৬ দলে৷ উক্ত দলকেইটাই বিটিচিৰ ১২টা সমষ্টিৰ কোনো এটাতে এইবাৰ প্রতিদ্বন্দ্বিতা নকৰে৷ মহাজোঁটৰ এক সূত্রই এই বিষয়ে জানিবলৈ দি কয় যে যোৱা দেওবাৰে মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত হোৱা বৈঠকত সেই ৰণনীতি যুগুতোৱা হয়৷ উল্লেখ্য যে পূর্বতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে বিটিচিৰ অধীনস্থ গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কলাইগাঁও আৰু মাজবাট সমষ্টিত দলীয় প্রার্থী থিয় কৰোৱাৰ চিন্তা–চর্চা কৰিছিল৷ মূলতঃ যোৱা বিধানসভা নির্বাচনত এআইইউডিএফ দলে উক্ত সমষ্টি চাৰিটাত বিপিএফৰ পাছতেই দ্বিতীয় স্থানত থকাৰ বাবেই সেই সমষ্টিকেইটাত মহাজোঁটৰ হৈ অৱতীর্ণ হ’ব বিচাৰিছিল৷ আনকি গোসাঁইগাঁও সমষ্টিত যোৱাবাৰ এআইইউডিএফৰ প্রার্থীগৰাকী মাত্র ৬,০৪১টা ভোটৰ ব্যৱধানতহে বিপিএফৰ হাতত পৰাজিত হয়৷ কিন্তু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল মহাজোঁটৰ অংশীদাৰ হোৱাৰ পিছতেই এআইইউডিএফে পূর্বৰ স্থিতি সলনি কৰি বিটিচিৰ অধীনস্থ কোনো সমষ্টিতে প্রার্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ বিপৰীতে বিপিএফে এআইইউডিএফ দলক পোনপটীয়াকৈ গৌৰীপুৰ আৰু বিলাসীপাৰা পশ্চিম সমষ্টিত সমর্থন আগবঢ়াব৷ এআইইউডিএফৰ দৰে কংগ্রেছ, আঞ্চলিক গণমর্চা আৰু বাঁওপন্থী দলকেইটায়ো বিটিচিৰ অধীনস্থ বিধানসভা সমষ্টিকেইটা বিপিএফক এৰি দিছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, বিটিচিৰ অধীনস্থ ১২টা সমষ্টি বিপিএফক এৰি দিয়াৰ বিপৰীতে বিপিএফ দলে গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, বঙাইগাঁও, অভয়াপুৰী উত্তৰ, দুধনৈ, সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি, বকো, ছয়গাঁও, দিছপুৰ, গুৱাহাটী পশ্চিম, ৰঙিয়া, ঢ়েকীয়াজুলি, বৰচলা, ৰঙাপৰা, চতিয়া, গহপুৰ, বিহপুৰীয়া, ধেমাজি, জোনাই, লাহৰীঘাট, গোলাঘাট, সৰুপথাৰৰ লগতে কার্বি আংলং জিলাকে ধৰি ২৮ৰ পৰা ৩০টা সমষ্টিত মহাজোঁটৰ প্রার্থীসকলক সমর্থন আগবঢ়াব৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ উপস্থিতিতেই যোৱা মঙলবাৰে তেজপুৰত এক জনসভাত প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত বিপিএফে ১২টা সমষ্টিত মহাজোঁটক জয়ী কৰাব বুলিও ঘোষণা কৰে৷

You might also like