নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ডাম্পাৰৰ খুন্দাত স্কুলীয়া ছাত্ৰ নিহত, আহত ২

নিয়মীয়া বাৰ্তা, ৬ মে’ : ৰূপহীহাটত আজি পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন ছাত্ৰ নিহত হোৱাৰ লগতে দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে, আজি পুৱা ৰূপহী বজাৰৰ মাজমজিয়াত এখন তীব্ৰবেগী ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই তিনিগৰাকী স্কুলীয়া ছাত্ৰক মহটিয়াই নিয়ে ৷ ডাম্পাৰৰ খুন্দাত নিহত হোৱা ছাত্ৰজন গুণাবাৰীৰ মামুদ জামান আৰু আহত ছাত্ৰ দুগৰাকী ক্ৰমে গুণাবাৰীৰ ইক্রামূল হক আৰু গেৰেকীৰ ইতিকাৰ আহমেদ৷ এএছ-২৫ ইচি-৮৭২৩ নম্বৰৰ ডাম্পাৰে মহটিয়াই নিয়ে এএছ-০২ এএল-১৬৩৭ নম্বৰৰ মটৰ চাইকেলক। আহত হোৱা ছাত্ৰ দুজনক অতি সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like