নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যন্ত্ৰচালিত নাৱেৰে মইনবৰী চৰ অঞ্চলৰ ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া

নিয়মীয়া বাৰ্তা, ৬ মে’ : ৰাজ্যত কাইলৈ অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সুৰক্ষাকে ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণৰ বাবে যাৱতীয় ব্যৱস্থাসমূহ গঢ়ি তোলাৰ লগতে ভোটাৰসকলে যাতে সুকলমে ভোটদান কৰিব পাৰে, তাৰ বাবেও কেন্দ্ৰসমূহত সকলোধৰণৰ আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে। সেইদৰে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন চৰাঞ্চলৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকামিয়াৰ উপস্থিতিত মইনবৰী এলেকাৰ চৰ অঞ্চলত নিয়োজিত পোলিং বিয়য়া, প্ৰিজাইডিং বিষয়াসহ অন্যান্য বিষয়াৰ লগতে আৰক্ষী ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আনহাতে, চৰ অঞ্চলত থকা ৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যোৱা নিৰ্বাচনী বিষয়াসকলে ই ভি এম, ভিভিপেট আৰু লাইফ জেকেট লৈ যন্ত্ৰচালিত নাৱেৰে ৰাওনা হৈছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like