নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত প্রতিদিনে মাতৃহাৰা ৩৭টা শিশু

🔹 ইজৰাইলৰ হিংস্র বোমাবর্ষণ অব্যাহত : বিপদৰ সন্মুখীন লক্ষাধিক গর্ভৱতী মহিলা

বিশেষ বাৰ্তা, ৬ মে’ : ‘মা’– এই শব্দটোৰ মাজতে লুকাই থাকে স্নেহ, প্রেম, আৱেগ, অনুভূতি আদি জীৱনৰ গূঢ় তত্ত্ব৷ দানৱীয় যুদ্ধই এতিয়া এই ‘মা’ শব্দটো যেন কাঢ়ি লৈছে গাজাৰ পেলেষ্টাইনী শিশুসকলৰ পৰা৷ ৰক্তস্নাত গাজাত প্রতিদিনে মাতৃহাৰা হৈছে ৩৭টা শিশু৷ অকল সেয়াই নহয়, দিনে দিনে বৃদ্ধি পাইছে খাদ্য আৰু খোৱাপানীৰ সংকট৷ ইয়াৰ ফলত বিপদৰ সন্মুখীন হৈছে গাজাৰ লক্ষাধিক গর্ভৱতী মহিলা৷ শেহতীয়াকৈ পেলেষ্টাইনৰ শৰণার্থীসকলৰ হৈ কাম কৰি থকা ৰাষ্ট্রসংঘৰ সংস্থাই চাঞ্চল্যকৰ প্রতিবেদন প্রকাশ কৰিছে৷ এই প্রতিবেদনত দাবী কৰা হৈছে যে গাজাৰ মাটিত মহিলাসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে ইজৰাইলী সেনাই৷ একপ্রকাৰে গাজাত মহিলাৰ বিৰুদ্ধে এখন যুদ্ধ চলাই আছে ইজৰাইলে৷ এতিয়ালৈকে গাজাত নিহত হৈছে ১০ হাজাৰ মহিলা৷ আহত হৈছে ১৯ হাজাৰ মহিলা৷ এই প্রতিবেদনত দাবী কৰা অনুসৰি, গাজাত বর্তমান ১ লাখ ৫৫ হাজাৰ গর্ভৱতী তথা এনে মহিলা আছে যিসকলৰ শিশুবোৰে দুগ্ধ পান কৰে৷ বর্তমান পৰিস্থিতিত তেওঁলোকৰ অৱস্থা অতি শোচনীয়৷ বর্তমান যুদ্ধবিধ্বস্ত গাজাত পানী, খাদ্য বাদেই, ঔষধ–পাতিৰো যোগান বন্ধ হৈ পৰিছে৷ বিগত সাত মাহ ধৰি পেলেষ্টাইনত হামাছবিৰোধী যুদ্ধ চলাই আছে ইজৰাইলে৷ যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত এতিয়ালৈকে ৩৪,৬০০ পেলেষ্টাইনীৰ মৃত্যু হৈছে৷ আহত হৈছে ৭৭,৮০০ লোক৷ নিহত তথা আহতসকলৰ গৰিষ্ঠসংখ্যকেই শিশু আৰু মহিলা৷ ইফালে, হামাছক সম্পূর্ণৰূপে উৎখাত কৰাৰ হুংকাৰ দি প্রতিদিনে বোমাবর্ষণ কৰি আছে ইজৰাইলী সেনাই৷ আন্তর্জাতিক সম্প্রদায়ৰ কোনোধৰণৰ চাপে ইজৰাইলক এইক্ষেত্রত বাধা দিব পৰা নাই৷ দেশখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে হামাছক উৎখাতৰ হুংকাৰ দিছে যদিও প্রতিমুহূর্তত যুদ্ধৰ বিভীষিকাৰ বলি হৈছে পেলেষ্টাইনী নিৰীহ লোকসকল৷ শেহতীয়াকৈ পেলেষ্টাইনীসকলৰ গাজাত শেষ আশ্রয় স্থল হিচাপে চিহ্ণিত ৰাফা চহৰতো আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ আনকি ৰাফা চহৰত ইজৰাইলী স্থলসেনাই প্রৱেশ কৰি অভিযান চলাব বুলি হুংকাৰ দিছে৷ গতিকে ৰাফাৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে আশংকা৷ আমেৰিকা তথা ইউৰোপৰ দেশসমূহৰ লগতে ভাৰতসহ এছিয়াৰ বিভিন্ন দেশে নিৰীহ পেলেষ্টাইনীক হত্যা কৰা কার্য বন্ধ কৰিব লাগে বুলি দাবী জনাই আহিছে৷ কিন্তু বেঞ্জামিন নেতান্যেহুৱে কাৰো কথাক গুৰুত্ব দিয়া নাই৷ শেহতীয়াকৈ মানৱ অধিকাৰ সংস্থাসমূহে গাজাত গণহত্যা বন্ধ কৰিব লাগে বুলি পুনৰ সৰৱ হৈছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনৰ পাছতে মাতৃহাৰা শিশুসকলৰ দায়িত্ব কোনে ল’ব বুলি প্রশ্ণ তুলিছে কেইবাটাও মানৱ অধিকাৰ সংস্থাই৷ কিন্তু পূর্বৰ দৰে নীৰৱতা অৱলম্বন কৰিছে ইজৰাইলে৷

You might also like