নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলবাৰে ক’ভিডত আক্রান্ত ১৭৯৮; ৰাজ্যত পজিটিভিটীৰ হাৰ ১.২৭ শতাংশ

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ ধাৰাবাহিকভাৱে হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিড আক্রান্তৰ হাৰ৷ মঙলবাৰে ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ১,৭৯৮জন৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৫৬জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ১৬৫জন, লখিমপুৰৰ ১০৯জন আৰু ডিব্রুগড়ৰ ১০৭জন লোক ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,৪২,০১৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.২৭ শতাংশ৷ ইপিনে, আজি ক’ভিডত মৃত্যু হৈছে ১০জন লোকৰ৷ বঙাইগাঁও–চৰাইদেউ–দৰং কামৰূপ মহানগৰ–কামৰূপ– এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ মঙলবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,৬৪৫জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৬,২৫০জন৷

You might also like