নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত সুৰামত্ত খুৰাকে প্ৰাণ ল’লে ২ বছৰীয়া ভতিজাৰ

🔹 ছুঠন ৰিকিয়াশনক আটক কৰি তদন্ত আৰম্ভ আৰক্ষীৰ

বিশেষ বাৰ্তা, ৩১ জুলাই : কাছাৰৰ দয়াপুৰ চাহ বাগিচাৰ আতইছৰা বস্তিত চাঞ্চল্যৰ হত্যাকাণ্ড। সুৰামত্ত খুৰাকে দাৰে ডিঙি কাটি হত্যা কৰে ২ বছৰীয়া কণমানি ভতিজাক। মৃত কণমানি শিশুটিৰ নাম অভিজিৎ ৰিকিয়াশন। ঘটনাৰে জড়িত হত্যাকাৰী খুৰাক ছুঠন ৰিকিয়াশনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কালি আবেলি সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। জানিব পৰা মতে, নিজৰ ঘৰৰ চোতালত আন শিশুৰ সৈতে খেলি আছিল কণমানি শিশু অভিজিৎ ৰিকিয়াশনে । সেই সময়ত সুৰামত্ত অৱস্থাত উপস্থিত হৈ ছুঠন ৰিকিয়াশনে নিজৰ ২ বছৰীয়া ভতিজা অভিজিতক ঘৰত লৈ যায় আৰু দাৰে ডিঙি কাটি হত্যা কৰে । ঘটনাৰ সময়ত শিশুটিৰ পিতৃ-মাতৃ বাগিচাত কাম কৰি আছিল ।

প্ৰতিবেশীসকলে ঘটনাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে হত্যাকাৰী ছুঠন ৰিকিয়াশনক। তদুপৰি লগে লগে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী খুৰাকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় । লগতে কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি দয়াপুৰ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

আনহাতে, ঘটনা সন্দৰ্ভত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰে জনায় যে ইতিমধ্যে হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। কি কাৰণত খুৰাকে নিজ ভতিজাক এনেদৰে হত্যা কৰিলে, এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো বিষয় স্পষ্ট হ’ব বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰে।

You might also like