নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযন্তা যোষিতা-ৰ ঘটনাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

বঙাইগাঁৱৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ‘‘কেইদিনমান আগতে লোকনিৰ্মাণ বিভাগৰ অভিযন্তা যোষিতা দাসে চৰম সিদ্ধান্ত হৈছিল। তেওঁৰ এই চৰম সিদ্ধান্তৰ কাৰণ হিচাপে চিঠিত দুজন অভিযন্তাৰ নাম উল্লেখ কৰিছিল৷ আৰক্ষীয়ে তদন্ত কৰি ৩জনক গ্ৰেপ্তাৰ কৰিছে। সেই বিষয়ে আজি কেবিনেটত আলোচনা কৰা হয়৷ কনিষ্ঠ অভিযন্তাৰ চৰম সিদ্ধান্ত লোৱাৰ বিষয়টো CBIৰ তদন্তৰ সিদ্ধান্তৰ সিদ্ধান্ত লোৱা হৈছে।’’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয়, ‘‘মুখ্য সচিবে ইতিমধ্যে CBI সঞ্চালকৰ সৈতে কথা পাতিছে৷ আনুষ্ঠানিকভাৱে CBI-এ গোচৰ লওঁতে অলপ সময় লাগিব ৷ প্ৰায় ২০-২৫ দিনৰ ভিতৰত CBI-এ গোচৰটো নিজৰ জিম্মাত ল’ব৷’’

উল্লেখ্য যে বঙাইগাঁৱত ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিছিল লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসে। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে যুৱতীগৰাকীয়ে লিখি থৈ গৈছিল এটা শেষ টোকা৷ এই টোকাত তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলামক।

উল্লেখ্য যে দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামৰ মানসিকভাৱে অহৰহ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল মৃত যুৱতীগৰাকীয়ে। বঙাইগাঁৱৰ বৰ্ষণগাঁও ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যক লৈ মানসিক হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল তেওঁ।

কাম নকৰাকৈ বিল পাছ কৰাৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল অভিযন্তাগৰাকীয়ে। ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰৰ বিল পাছ কৰিবলৈ দিছিল তেওঁক হেঁচা প্ৰয়োগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ঘটনা সন্দৰ্ভত তদন্ত কৰি আছিল অসম আৰক্ষীৰ SITএ।

Niyomiya Barta Desk, 31 July, 2025

You might also like