অসম প্ৰকাশন পৰিষদে ২০২৫ বৰ্ষৰ সন্মানজনক সাহিত্য বঁটা ঘোষণা কৰিছে। এইবাৰ পৰিষদৰ সাহিত্য বঁটা লাভ কৰিছে খ্যাতনামা সাহিত্যিক দীপক কুমাৰ বৰকাকতিয়ে। তেওঁৰ ৰচিত উপন্যাস ‘ঐশ্বৰ্য’ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে এই সাহিত্য বঁটাৰ সৈতে নগদ ৫ লাখ টকা আগবঢ়োৱা হ’ব। সাহিত্যিক বৰকাকতিয়ে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিয়ে।
ইয়াৰ লগতে ‘ঐশ্বৰ্য’ উপন্যাসখনৰ প্ৰকাশক বান্ধৱলৈ আগবঢ়োৱা হৈছে অসম প্ৰকাশন পৰিষদৰ প্ৰকাশক বঁটা।
এখন সংবাদ মেলৰ জৰিয়তে অসম প্ৰকাশন পৰিষদে আনুষ্ঠানিকভাৱে ২০২৫ বৰ্ষৰ বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰে। এই ঘোষণাই সাহিত্যপ্ৰেমী মহলত যথেষ্ট আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ :