নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ শৰীৰেৰে ঘৰলৈ গাহৰিৰ বৃক্ক সংৰোপিত ব্যক্তি

🔹 চিকিৎসা বিজ্ঞানৰ ইতিহাসত নতুন মাইলফলক

🔹 মার্কিন চিকিৎসকৰ সফলতা

বিশেষ বাৰ্তা, ৫ এপ্রিল : বিশ্বৰ প্রথমগৰকী জিনগত পৰিৱর্তন পদ্ধতিৰে গাহৰিৰ বৃক্ক লাভ কৰা ব্যক্তিয়ে হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে৷ প্রথমবাৰলৈ আমেৰিকাৰ মাছাচুছেটছ জেনেৰেল হাস্পতাল (এমজিএইচ)ত দুসপ্তাহ পূর্বে ৬২ বছৰীয়া ব্যক্তি এগৰাকীৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ বৃক্ক৷ কালি এই ব্যক্তিগৰাকীক হাস্পতাল কর্তৃপক্ষই সম্পূর্ণ সুস্থ ঘোষণা কৰি ঘৰলৈ যোৱাৰ বাবে নির্দেশ দিয়ে৷ স্মর্তব্য যে বিগত সময়ছোৱাত জিনগত পৰিৱর্তন পদ্ধতিৰে গাহৰিৰ বিভিন্ন অংগ মানৱ দেহত সংৰোপণ কৰা হৈছিল যদিও সেই ক্ষেত্রত সম্পূর্ণ সফলতা অর্জন কৰিব পৰা নাছিল বিশেষজ্ঞ চিকিৎসকসকলে৷ কিন্তু শেহতীয়াকৈ মাছাচুছেটছৰ বিশেষজ্ঞ চিকিৎসকসকলে সফলতাৰে গাহৰিৰ বৃক্ক মানৱ দেহত সংৰোপণ কৰি চিকিৎসা বিজ্ঞানত নতুন অধ্যায়ৰ সংযোজন ঘটাইছে৷ চিকিৎসা বিজ্ঞানীসকলে এমজিএইচত হোৱা অস্ত্রোপচাৰক চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক মাইলফলক বুলি দাবী কৰিছে৷ এমজিএইচৰ পৰা এক বিবৃতিৰে এই কথা সদৰী কৰাৰ পাছতে বিশ্বজুৰি বিষয়টোক লৈ চর্চা চলিছে৷ স্মর্তব্য যে এমজিএইচ হৈছে হার্ভার্ড মেডিকেল স্কুলৰ বৃহৎ হাস্পতাল৷ বষ্টন চহৰত অৱস্থিত এই হাস্পতালখনত চিকিৎসা বিজ্ঞানৰ বিভিন্ন নতুন গৱেষণা চলাই থকা হৈছে৷ স্মর্তব্য যে গাহৰিৰ বৃক্ক শৰীৰত সংৰোপণ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে ৰিচার্ড ৰিক’ শ্লেমেন৷ মাছাচুছেটছৰ ৬২ বছৰীয়া ৰিচার্ডৰ দুয়োটা বৃক্ক সম্পূর্ণৰূপে নষ্ট হৈছিল বুলি চিকিৎসকসকলে সদৰী কৰিছে৷ যোৱা ১৬ মার্চত চিকিৎসকে গাহৰিৰ বৃক্ক ৰিচার্ডৰ শৰীৰত সংৰোপণ কৰিছিল৷

You might also like