নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰামত ব্লক বিপিএফৰ উদ্যোগত ২২সংখ্যক বিটিচি চুক্তি দিৱস পালন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ উদ্যোগত আজি ফকিৰাগ্ৰাম ব্লক বিপিএফৰ কাৰ্যালয় প্ৰাংগণত ২২সংখ্যক বিটিচি চুক্তি দিৱস পালন কৰা হয় ৷ ফকিৰাগ্ৰাম ব্লক বিপিএফৰ কাৰ্য্যালয়ত আয়োজিত অনুষ্ঠানত দলীয় পতাকা উত্তোলন কৰে ব্লক সভাপতি এজামুল হকে। অনুষ্ঠানৰ আঁত ধৰি ব্লক সম্পাদক পুলকেশ ৰায়ে কয় যে হাজাৰ হাজাৰ লোকৰ বলিদানৰ ফলত ২০০৩ চনত আজিৰ দিনটোত দিল্লীত সাংবিধানিকভাবে বিটিচি চুক্তি সম্পাদন হৈছিল ৷ হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বৰ ফলত বিটিচি গঠন হৈছিল বুলি মন্তব্য কৰে ব্লক সম্পাদক পুলকেশ ৰায়ে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সভাপতি এজামুল হকে অৰূপ কুমাৰ দে’ক তীব্ৰ সমালোচনা কৰে। অৰূপ কুমাৰ দে’ই বলীউডৰ শিল্পীক লৈ যিমান গুৰুত্ব দিছে, তাকে নকৰি সমষ্টিৰ উন্নয়নত বেছি গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে ব্লক সভাপতি এজামুল হকে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সভাপতি-সম্পাদকৰ লগতে কৰ্মকৰ্তাসকল আৰু পৌৰসভাৰ পৌৰপতি সুৰেন্দ্ৰ শৰ্মা, আন আন বিশিষ্ট ব্যক্তিসকল।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like