নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘শাস্ত্ৰী’ৰ শ্বুটিঙত অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী, হাস্পতালত ভৰ্তি

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : শনিবাৰে পুৱা প্ৰায় ১০ বজাত হঠাৎ অসুস্থ হৈ পৰে অভিনেতা মিথুন চক্ৰৱৰ্তী। সোহাম চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা ‘শাস্ত্ৰী’ ছবিখনৰ শ্বুটিঙৰ সময়ত অভিনেতাগৰাকী অসুস্থ হৈ পৰে। অভিনেতাজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। জানিব পৰা মতে, প্ৰথমে অভিনেতাজনৰ এম আৰ আই কৰা হৈছিল। জানিব পৰা মতে, শ্বুটিঙৰ সময়ত তেওঁ ষ্ট্ৰোকত আক্ৰান্ত হয়। সেই সময়ত ছবিখনৰ প্ৰযোজক তথা মিথুনৰ সহ-অভিনেতা সোহাম চক্ৰৱৰ্তীও শ্বুটিংস্থলীত উপস্থিত আছিল। তেওঁ নিজেই অভিনেতাগৰাকীক গাড়ীৰে চিকিৎসালয়লৈ লৈ যায়। অভিনেতা মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্য সন্দৰ্ভত সোহামে কয়- “মিথুনদা ঠিকেই আছে। এতিয়া তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে।” চিকিৎসালয়ৰ সূত্ৰ অনুসৰি মিথুন চক্ৰৱৰ্তীক এতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। চিকিৎসকে অভিনেতাজনক ঔষধেৰে সুস্থ কৰাৰ সিদ্ধান্ত লৈছে। ডাঃ সঞ্জয় ভৌমিকৰ তত্ত্বাৱধানত মেডিকেল ব’ৰ্ডো গঠন কৰা হৈছে।

You might also like