আনন্দৰাম বৰুৱা একাডেমিৰ মুখপত্র অনুৰণনৰ দ্বাবিংশ সংখ্যা উন্মোচন
“আমি একো একোখন শিক্ষানুষ্ঠানৰ মুৰব্বী পদত থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ অনেকেই শিক্ষাবিদ বুলি কব বিচাৰে৷ এনে ক্ষেত্ৰত আমাৰ বহু দায়িত্ব আহি পৰে৷ আমাক যে মানুহে সন্মানবোৰ দিয়ে তেতিয়া আমাৰ মনত প্ৰশ্ন উত্থাপন হয় যে মানুহে আমাৰ পৰা কি বিচাৰিছে? বিচৰাখিনি আমি দিব পাৰিছো নে নাই?” এই মন্তব্য ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ৷
আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাৰ সভাপতিত্বত শিক্ষানুষ্ঠানখনৰ মুখপত্ৰ উন্মোচন, বার্ষিক ক্রীড়া সমাৰোহৰ বঁটা প্ৰদানৰ লগতে গ্রন্থমেলা, চিত্ৰ আৰু বিজ্ঞান প্রদর্শনী উদ্বোধন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপাচাৰ্য ড৹ ডেকাই কয় যে আনন্দৰাম বৰুৱা একাডেমিয়ে সমাজখন সুস্থ কৰি ৰাখিবলৈ যি পদ্ধতিগত শিক্ষাৰ প্ৰচলনত সেয়া শলাগিবলগীয়া৷
এনেকুৱা এখন শিক্ষানুষ্ঠানত পঢ়িবলৈ পোৱাটো নিশ্চয়কৈ সৌভাগ্যৰ কথা বুলি মন্তব্য কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে আমি সময়ৰ সতে খোজ মিলাবলৈ পঢ়া শুনাৰ লগতে মোবাইল ফোনো চাব লাগিব, কিন্তু মোবাইলটো ভাল কামত ব্যৱহাৰ কৰিব লাগিব৷ ভাল শিক্ষাৰ্থী হবলৈ মোবাইলৰ সৎ ব্যৱহাৰ কৰিব লাগিব৷
ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কোৱা কথাৰ বিষয়ে উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে ৰূপান্তৰৰ ক্ষেত্ৰত সমাজক পাঁচটা ভাগত ভাগ কৰা হৈছে৷ প্ৰথম ভাগত আছিল চিকাৰ কৰি খোৱা সমাজ৷
তাৰ পিছত ক্ৰমান্বয়ে খেতি-বাতি কৰা সমাজ আহিল, উদ্যোগিক সমাজ আহিল আৰু বৰ্তমান আমি বাস কৰি আছো তথ্য সমৃদ্ধ সমাজত৷ ইয়াৰ পিছত আহিব, অত্যন্ত স্মাৰ্ট সমাজ য’ত আমাৰ বহু দায়িত্ব আহিব৷ ৰূপান্তৰ নহলে সমাজ আগবাঢ়িব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰূপান্তৰ হবই৷ কিন্তু সেই ৰূপান্তৰৰ সঠিক দিশটো গ্ৰহণ কৰি আমি আগুৱাই যাব লাগিব৷
আমাৰ জীৱনত কোনো কামৰে চুটি পথ নাই বুলি নিজৰ ভাষণত উল্লেখ কৰি কয় যে আত্ম বিশ্বাসেৰে আমি কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি যাব লাগিব, অধ্যয়নৰ ক্ষেত্ৰত পিছলৈ উভতি চোৱাতকৈ আগুৱাই যাবলৈ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে৷
আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদত একাডেমিৰ ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ উপাধ্যক্ষ উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ সহকাৰী অধ্যাপক কল্যাণ কলিতা আৰু তপন কুমাৰ হাজৰিকাৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক মুখপত্ৰ “অনুৰণন”ৰ দ্বাবিংশ সংখ্যাটি উন্মোচন কৰি বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ধীৰেণ মহন্তই কয়, “একোখন গ্ৰন্থ আমাৰ জীৱনৰ দাপোন স্বৰূপ৷ কিন্তু আজিৰ প্ৰজন্মই মোবাইলত বহু সময় নষ্ট কৰি গ্ৰন্থৰ প্ৰতি গুৰুত্ব কমাই আনিছে৷ কিন্তু এনে সময়তো আনন্দৰাম বৰুৱা একাডেমিয়ে ধাৰাবাহিকভাৱে শিক্ষানুষ্ঠানখনৰ মুখপত্ৰ অনুৰণনৰ লগতে আন আন গ্ৰন্থ প্ৰকাশ কৰি আহিছে৷
অকল গ্ৰন্থ প্ৰকাশ কৰাই নহয়, গ্ৰন্থমেলাৰো আয়োজন কৰি আহিছে৷ বৰ্তমান চৌদিশে মোবাইলে আক্ৰান্ত কৰা সময়ত শিক্ষানুষ্ঠানখনে গুণগত শিক্ষা প্ৰদান কৰি অহাৰ লগতে এনেদৰে গ্ৰন্থৰ প্ৰকাশ আৰু গ্ৰন্থ অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব দি অহাটো সচাকৈ আদৰণীয় আৰু প্ৰসংশনীয় পদক্ষেপ৷” অতিথিসকলক গামোছা, চেলেং চাদৰ, প্ৰতীকপট, মানপত্ৰ, গ্ৰন্থ আদিৰে আদৰণি জনোৱা অনুষ্ঠানত বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত ত্বাহিৰ আলমে অংশগ্ৰহণ কৰি নিজৰ ভাষণত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে আমি জীৱনত কেতিয়াবা সফল হম, কেতিয়াবা বিফল হম৷ কিন্তু বিফল হোৱাৰ দিনাখন নিজৰ সক্ষমতাৰ ওপৰত কেতিয়াও বিশ্বাস হেৰুৱাব নালাগে৷
বিভিন্ন উদাহৰণ দি তেওঁ কয় যে আজিৰ প্ৰতিযোগিতামুলক যুগত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ কৰোতে আমি আত্মবিশ্বাসেৰে কৰিব লাগিব৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন কৰিব বার্ষিক ক্রীড়া সমাৰোহ পৰিচালনা সমিতিৰ সভাপতি হিমাংশু বৰুৱাই৷ বন্তি প্রজ্বলন আনন্দৰাম বৰুৱা একাডেমিৰ সঞ্চালক অমূল্য কলিতাই৷ আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মনে৷
স্মৃতি তর্পণ অনুষ্ঠান মুকলি কৰে পৰীক্ষা নিয়ন্ত্রক জয়ন্ত দাসে৷ ইয়াৰ পিছতে গ্রন্থমেলা আৰু চিত্র প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুৰাৰী মোহন দত্তই৷ বিজ্ঞান প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰে বজালী মাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰিধৰ গোস্বামীয়ে৷ ইপিনে কাইলৈ পুৱা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাষ্ট্ৰীয় বঁটাপ্রাপক বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে৷ উল্লেখ্য যে আজিৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গ্রন্থ মেলা, চিত্ৰ আৰু বিজ্ঞান প্রদর্শনীৰ অহা ২৫ জানুৱাৰীত সামৰণি পৰিব৷
নিয়মীয়া বাৰ্তা, পাঠশালা, ২১ জানুৱাৰী