নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ ফেব্রুৱাৰীৰ পৰা এনপিএছ কর্মচাৰী সন্থাৰ আন্দোলন

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুৰণি পেন্সন প্রৱর্তনৰ দাবীৰে অহা ২৩ ফেব্রুৱাৰীৰ পৰা আন্দোলনৰ কার্যসূচী আৰম্ভ কৰিব সদৌ অসম চৰকাৰী এনপিএছ কর্মচাৰী সন্থাই৷ সন্থাই আজি এক বিবৃতিত প্রকাশ কৰা মতে, সন্থাৰ সদস্য, কার্যকর্তাসকলে ২৩ ফেব্রুৱাৰীৰ দিনা কামৰ পৰা বিৰত থাকি আন্দোলনৰ প্রথমটো কার্যসূচী ৰূপায়ণ কৰিব৷ এই সন্দর্ভত সন্থাৰ অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক অপূর্ব শর্মাই প্রকাশ কৰা মতে, পুৰণি পেন্সন প্রৱর্তনৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত যোৱা দীর্ঘদিন ধৰি দাবী তুলি আহিছে৷ তদুপৰি যোৱা ৩১ জানুৱাৰীত সন্থাৰ আহ্বানত অনুষ্ঠিত গণ অভিৱর্তনে এনপিএছ ব্যৱস্থাই অসমৰ সামাজিক আৰু অর্থনৈতিক ক্ষেত্রত বিৰূপ প্রভাৱ পেলাব বুলি মত পোষণ কৰিছিল৷

গণ অভিৱর্তনৰ এই সিদ্ধান্ত যোৱা ৪ ফেব্রুৱাৰীত লিখিতভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অৱগত কৰাৰ পিছতো ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিধানসভাত দাখিল কৰা লেখানুদানত এই বিষয়টো কোনো ধৰণে উল্লেখ নকৰিলে৷ কার্যতঃ ইয়াৰ জৰিয়তে চৰকাৰখনে অৱসৰী জীৱনৰ প্রতি থকা শংকাক চৰমভাৱে ভেঙুচালি কৰিছে৷ সেয়েহে এনপিএছ কর্মচাৰী সন্থাই চৰকাৰৰ এনে মনোভাবক তীব্র ভাষাৰে সমালোচনা কৰি ২৩ ফেব্রুৱাৰীৰ পৰা আন্দোলনৰ কার্যসূচী গ্রহণ কৰিবলৈ সিদ্ধান্ত লয়৷ সভাপতি আৰু সম্পাদকদ্বয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রীয়ে ঘোষণা কৰা কার্যকালৰ কোনো বাধ্যবাধকতা নথকাকৈ অৱসৰপ্রাপ্ত কর্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিকৰ ক্ষেত্রত কোনো ধৰণৰ চৰকাৰী নির্দেশ আজিলৈকে প্রকাশ কৰা নাই৷ সন্থাৰ এই প্রতিবাদী কার্যসূচীলৈ সদৌ অসম কর্মচাৰী পৰিষদ, জিলা প্রশাসন কর্মচাৰী সন্থা, প্রাথমিক শিক্ষক সন্মিলনী, মুৰব্বী বিভাগীয় আমোলা সন্থা, কলেজ শিক্ষক সন্থা, বিধানসভা সচিবালয় সেৱা সন্থা আদি কৰি কেইবাটাও সংগঠনে পূর্ণ সমর্থন আগবঢ়াইছে৷

You might also like