নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত বিধানসভা নির্বাচনঃ সংবাদ মাধ্যম–ছ’চিয়েল মিডিয়া নিৰীক্ষণ কমিটী গঠন প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ  সমাগত বিধানসভা নির্বাচন যাতে স্বচ্ছ আৰু নিকা হয়, তাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে নির্বাচন সম্পর্কীয় কেইবাটাও কোষ গঠনৰ প্রস্তুতি চলাইছে৷ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মিডিয়া চার্টিফিকেট এণ্ড মনিটৰিং কমিটী চমুকৈ ‘এম চি এম চি’ গঠন কৰা হয়৷

নির্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত কোনো দল বা প্রার্থীয়ে যাতে ভোটাৰক আকৃষ্ট কৰাৰ বাবে অথবা প্রত্যক্ষ–পৰোক্ষভাৱ্ প্রচাৰ কার্য চলোৱাৰ অর্থে সংবাদ মাধ্যমক ব্যৱহাৰ কৰিব নোৱাৰে, এই উদ্দেশ্য আগত ৰাখিয়েই গঠন কৰা হৈছে এই কমিটী৷ জিলা উপায়ুক্ত অধ্যক্ষ হিচাপে থকা ‘এম চি এম চি’ কমিটীত জ্যেষ্ঠ সাংবাদিক সঞ্জয় ৰায়ৰ উপৰি কেইবাজনো অভিজ্ঞতাপুষ্ট সদস্য আছে৷ মিডিয়া চার্টিফিকেট এণ্ড মনিটৰিং কমিটী গঠনৰ এই সভাত বক্তব্য আগবঢ়াই জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে দিন–ৰাতি ২৪ ঘণ্টাই অধিক সতর্ক থাকি এই কোষে কাম কৰিব৷

ছপা, বৈদ্যুতিন মাধ্যমৰ উপৰি ছ’চিয়েল মিডিয়াকো সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিব এই কোষে৷ অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰা আৰু মুনীন্দ্র বৰদলৈ, নির্বাচনী বিষয়া ঝর্ণা পাটগিৰি আদিও এই সভাত উপস্থিত থাকে৷ উল্লেখ্য যে এই কমিটীৰ অধীনত থাকিব ত্রিশ–চল্লিশজনীয়া এটা কোষ, যিয়ে নেকি সকলো সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াক ২৪ ঘণ্টাই নিৰীক্ষণ কৰিব৷

You might also like