আজি ২৪ মে’, জেঠ মাহৰ ৯ তাৰিখ
দেওবাৰ : তিথি–শুক্লাষ্টমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আজি নিবনুৱাসকলৰ কর্মসংস্থাপনৰ যোগ৷ সংঘাত আঁতৰিব৷ কর্মত উন্নাতিৰ যোগ৷ শৰীৰৰ শুভ৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং নীলা, শুভ সংখ্যা–৪৷
বৃষ : আজি কামৰ ব্যস্ততা বাঢ়িব৷ খং, জেদ কমাওক৷ আর্থিক দিশত উন্নতি৷ বিদ্যাত মধ্যম৷ পেটৰ বিষে আমনি কৰিব পাৰে৷ প্রেমত সাৱধান৷ শুভ ৰং বগা, শুভ সংখ্যা–২৷
মিথুন : আজি কর্মক্ষেত্রত উন্নতিৰ যোগ৷ অর্থ লাভৰ যোগ আছে৷ ভ্রমণত মধ্যম৷ শত্রুৱে ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে, গতিকে সাৱধান৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা–৫৷
কর্কট : আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি পাব৷ ব্যৱসায়ত সন্মান লাভ৷ আর্থিকত উন্নতি৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা–৩৷
সিংহ : আজি ৰবি গ্ৰহৰ প্রভাৱত শাৰীৰিক–মানসিক শক্তি বৃদ্ধি৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ আর্থিকত উন্নতি বৃদ্ধি৷ তীর্থ ভ্রমণৰ যোগ৷ প্রেমত সাৱধান৷ শুভ ৰং কমলা, শুভ সংখ্যা–৪৷
কন্যা : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰৰ প্রতি যত্ন লওক৷ শত্রু নাশ হ’ব পাৰে৷ ভ্রমণৰ যোগ৷ নিবনুৱাসকলৰ কর্ম প্রাপ্তিত বাধা৷ বিদ্যাত বাধা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা–৩৷
তুলা : আজি আত্মনির্ভৰশীল হ’ব পাৰিব৷ যান–বাহন চলাওঁতে সাৱধান৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ ঘৰত আলহীৰ আগমন হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা–৯৷
বৃশ্চিক : আজি সা–সম্পত্তি ক্রয় কৰিব পাৰিব৷ শিল্পী, কলা–কৌশলৰ লগত জড়িত ব্যক্তিৰ উন্নতি৷ যান–বাহনৰ পৰা সাৱধান৷ শৰীৰত আঘাত পাব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা–৬৷
ধনু : আজি সৌভাগ্যশালী হোৱাৰ যোগ৷ শত্ৰু নাশ হ’ব৷ কর্মত স্থান পৰিৱর্তনৰ যোগ৷ ব্যৱসায়ত আশা কৰা মতে ফল নাপাব৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা–২৷
মকৰ : আজি হতাশা আঁতৰিব৷ ভ্রমণত শুভ৷ চিন্তাশীল লোক হিচাপে খ্যাতি৷ কর্মত মধ্যম৷ শৰীৰৰ শুভ৷ পত্নী, ভনীৰ পৰা সহায় পাব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা–৪৷
কুম্ভ : আজি সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব৷ মনত দুঃচিন্তা নাৰাখিব৷ ধর্মীয় দিশ প্রকাশ পাব৷ যাত্রা কৰোঁতে সাৱধান৷ শুভ ৰং সোণালী, শুভ সংখ্যা–২৷
মীন : আজি পুৰণি ৰোগে কষ্ট দিব পাৰে৷ ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি পাব৷ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক৷ ভ্রমণত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং ক’লা, শুভ সংখ্যা–১৷