আই পি এলত প্লেঅফৰ আশা সজীৱ পঞ্জাব কিংছৰ
ডিজিটেল ডেস্ক, ২৪ মে’ : পঞ্জাব কিংছে চলিত আইপিএলৰ প্লেঅফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ প্রতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত মৰণপণ যুঁজ মেচখনত পঞ্জাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি শ্রেয়াছ আয়াৰ বাহিনীয়ে ১৪খন মেচৰ পৰা ১৫ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ চতুর্থ স্থানলৈ উন্নীত হয়৷ বিপৰীতে লক্ষ্ণৌৱে ১৪খন মেচৰ ১০খনত পৰাস্ত হৈ অন্তিম স্থানত থাকি অভিযান সামৰে৷
মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ১৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শ্রেয়াছ আয়াৰৰ দর্শনীয় অপৰাজিত ১০১ আৰু প্রভছিমৰন সিঙৰ ৬৯ ৰানৰ সহায়ত পঞ্জাবে ১৮ অভাৰত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ প্রভছিমৰন আৰু শ্রেয়াছে তৃতীয় উইকেটত ১৪০ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে৷ শ্রেয়াছৰ ৫১টা বলৰ ইনিংছটোত আছিল ১১টা চাৰি আৰু পাঁচটা ছয়৷ দলীয় স্ক’ৰ ২২ ৰানতে প্রিয়াংশ আর্য (০) আৰু কুপাৰ ক’ন’লি (১৮)ক হেৰুৱাই দলটো বিপদত পৰিছিল৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ জ’ছ ইংলিছৰ ৭২, আয়ুস বাড’নিৰ ৪৩, আব্দুল ছামাদৰ অপৰাজিত ৩৭ আৰু অধিনায়ক ঋষভ পণ্টৰ ২৬ ৰানৰ সহায়ত লক্ষ্ণৌৱে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্রহ কৰে৷