নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজীয়া ছাত্ৰীক হ/ত্যাত অভিযুক্ত নুৰুল ইছলামক গ্ৰেপ্তাৰ

কামৰূপৰ জিলাৰ ছমৰীয়াৰ চৌধুৰীপাম গাঁৱত ১৫ অক্টোবৰৰ দুপৰীয়া ভাগত কলেজীয়া ছাত্ৰী খাইৰুণ নেছা নামৰ যুৱতীগৰাকী ঘাতকৰ হাতত হত্যাৰ বলি হ’ব লগা হৈছিল। তাৰ পিছৰে পৰাই ছয়গাঁও আৰক্ষী তৎপৰ হৈ পৰিছিল আৰু হত্যাকাৰীক বিচাৰি চলাইছিল তীব্ৰ অভিযান। শেহতীয়াভাৱে হত্যাত অভিযুক্ত নুৰুল ইছলামক ৪৮ ঘন্টা পাৰ নৌহওঁতেই ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

গোপন সূত্ৰৰ পম খেদি মিৰ্জাত লুকাই থকা অৱস্থাত ৰাইজৰ সহযোগত ছয়গাঁও আৰু জোৰশিমলী আৰক্ষীৰ যৌথ অভিযানত আটক হয় হত্যাত অভিযুক্ত নুৰুল ইছলাম। সম্প্ৰতি কুখ্যাত নুৰুল ইছলাম ছয়গাঁও আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ১৭ অক্টোবৰ 

You might also like