নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীতি-বহিৰ্ভূত শিক্ষক বদলি : ঘিলামৰাত অব্যাহত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ বৰগোহাঁইৰ আকস্মিক বদলিক লৈ বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক গোট, অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। ৮২৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহন কৰি থকা ৰাজ্যৰ আগশাৰীৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খনৰ শিক্ষকগৰাকীক সম্পূৰ্ণ নীতি বৰ্হিভূত ভাৱে অন্য বিদ্যালয়লৈ বদলি কৰাৰ ফলত যোৱা ৭ দিন ধৰি বিদ্যালয় খনত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিছে । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পূৰ্বৰে পৰা শিক্ষকৰ অভাৱে দেখা দি থকা বিদ্যালয় খনৰ পৰা গুনোৎসৱৰ প্ৰাক মুহূৰ্তত এনেদৰে আকস্মিক ভাৱে এজন শিক্ষকক বদলি কৰাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অভিযোগ অনুসৰি জনৈক পূৰ্বালী তালুকদাৰ নামৰ চিৰিং গঢ়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিৰাপত্তা জনিত কাৰণ দেখুৱাই নিজ গৃহ স্থানৰ অন্য এখন বিদ্যালয়লৈ বদলি হৈ যোৱাৰ বিপৰীতে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা এনেদৰে নীতি বৰ্হিভূত ভাৱে এজন শিক্ষকক লৈ যোৱা কাৰ্যত স্বাভাবিকতে ক্ষোভিত হৈ পৰিছে বিদ্যালয় শিক্ষক গোট, পৰিচালনা সমিতি, অভিভাৱক তথা স্থানীয় শিক্ষানুৰাগী ৰাইজ। ঘটনা সম্পৰ্কত ইতিমধ্যে বৰদলনি প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তকে ধৰি বিভাগীয় উচ্চপদস্থ বিষয়ালৈ আবেদন নিবেদন জনোৱা হৈছিল যদিও বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুণৰ প্ৰতিবাদমুখৰ হৈ পৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকল ৷ শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ সময়তো পূৰ্বালী তালুকদাৰ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে কাৰ অনুগ্ৰহত এনেদৰে বদলীকৰণৰ সুবিধা লাভ কৰি ৰাজ্যৰ অন্যতম আগশাৰীৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতক্ষ্য হস্তক্ষেপৰো দাবী জনাই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী অনুপাতে পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী জনাইছে বিদ্যালয় পৰিচালনা সমিতি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু ঘিলামৰা অঞ্চলৰ শিক্ষানুৰাগীৰ লগতে শিক্ষানুৰাগী ৰাইজে ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like