১৮৮ দিনৰ পিছত মুকলি তাজমহল, চীনা পৰ্যটকৰ প্ৰথম খোজ
নিয়মীয়া বার্তা, ২১ ছেপ্টেম্বৰঃ ১৮৮ দিন ধৰি বন্ধ থকাৰ পিছত আজিৰ পৰা দর্শনার্থীৰ বাবে পুনৰ মুকলি হ’ল আগ্রাস্থিত প্রেমৰ ঐতিহাসিক স্মাৰক তাজমহল৷ অৱশ্যে প্রতিদিনে এই ঐতিহাসিক প্রাসাদটো দর্শন কৰাৰ ক্ষেত্রত ৫০০০ পর্যটককহে অনুমতি প্রদান কৰা হ’ব৷
ইয়াৰ উপৰি একমাত্র অনুজ্ঞাপত্র থকা ট্যুৰ গাইডসকলকহে ইয়াৰ অভ্যন্তৰত প্রৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে প্রশাসনে৷ লক্ষণীয়ভাৱে ঐতিহাসিক প্রাসাদটোৰ চৌহদত গ্ৰুপ ফটোগ্রাফী নিষিদ্ধ কৰা হৈছে৷
স্মর্তব্য যে যোৱা ১৭ মার্চত ঐতিহাসিক এই প্রাসাদটোৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল৷ আজি মুকলি কৰি দিয়াৰ পিছত এগৰাকী চীনা পৰ্যটকে লকডাউনৰ পিছত প্ৰথম পৰ্যটক হিচাপে দৰ্শন কৰে ঐতিহাসিক স্মাৰকটো।
উল্লেখ্য ঐতিহাসিক আগ্রা ফ’র্টো আজিৰ পৰা দর্শনার্থীৰ বাবে মুকলি কৰে প্রশাসনে৷