নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰনগৰী বৰপেটাৰ উন্নয়নৰ বাবে দীপক দাসক মন্ত্ৰিত্বৰ দাবী ৩ সত্ৰাধিকাৰৰ

বৰপেটাৰ নৱনিৰ্বাচিত বিধায়ক দীপক কুমাৰ দাসক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে বৰপেটাৰ তিনিগৰাকী সত্ৰাধিকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে এক সামূহিক আহ্বান জনাইছে।

বৰপেটাৰ তিনিখন ঐতিহ্যমণ্ডিত সত্ৰ বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰসকলে এক সংবাদ মেলযোগে এই দাবী উত্থাপন কৰে। তেওঁলোকে বৰপেটাৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যিক কেবিনেটত স্থানীয় প্ৰতিনিধিত্ব অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

সংবাদ মেলত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী আৰু পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰদেৱ গোস্বামীয়ে বৰপেটাৰ ঐতিহ্য আৰু ধৰ্মীয় গুৰুত্ব থাকিলেও অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত পিছপৰি থকাৰ আক্ষেপ প্ৰকাশ কৰে।

তেওঁলোকে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি উন্নয়নৰ গতি বৃদ্ধি পাইছে যদিও বৰপেটাৰ আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু যাতায়ত ব্যৱস্থা এতিয়াও যথেষ্ট উন্নত হোৱাৰ প্ৰয়োজন আছে। এজন শক্তিশালী জনপ্ৰতিনিধি মন্ত্ৰীসভাত থাকিলে এই সমস্যাসমূহ দ্ৰুত সমাধান হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।

সত্ৰাধিকাৰসকলে বৰপেটাৰ প্ৰশাসনিক ইতিহাসো উল্লেখ কৰি কয় যে ১৮৪১ চনত মহকুমা আৰু ১৮৮৬ চনত পৌৰসভা হিচাপে ঘোষণা হোৱাৰ পিছতো অঞ্চলটোৰ উন্নয়ন ধীৰ গতিত আগবাঢ়িছে।

ইয়াৰ লগতে তেওঁলোকে সত্ৰসমূহৰ ভূমি দীৰ্ঘদিন ধৰি অবৈধ বেদখলৰ কবলত থকাৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰে। পবিত্ৰ সত্ৰভূমি শীঘ্ৰে বেদখলমুক্ত কৰি সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় তেওঁলোকে।

সত্ৰাধিকাৰসকলৰ এই দাবীৰ প্ৰতি চৰকাৰে কেনে সঁহাৰি দিয়ে, সেয়া এতিয়া লক্ষণীয় হ’ব।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like