নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুপেটীয়া আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

খাৰুপেটীয়া আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতকেৰেয়াসহ এজন আচামী থানাৰ পৰা পলায়ন কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মটৰ চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে হাজোৰ হাছেম আলীক আটক কৰি খাৰুপেটীয়া থানালৈ লৈ আহিছিল। কিন্তু আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে কৌশলেৰে হাতকেৰেয়াসহ তেওঁ থানাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

আচামীজন পলায়ন কৰাৰ পিছতে খাৰুপেটীয়া আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰিছে। বিভিন্ন স্থানত তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে।

থানাৰ নিৰাপত্তা বেষ্টনী ফালি এজন আচামীৰ এনেদৰে পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like