নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তাৰক্ষীক প্ৰহাৰ ঘটনাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৩ছাত্ৰক বহিষ্কাৰ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ:   ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তিনি ছাত্ৰক বহিঃস্কাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।কেৱল সেয়াই নহয়,বিশ্ববিদ্যালয়ৰ অনুশাসন কাৰ্যকৰী কমিটিয়ে বিশ্ববিদ্যালয়ৰ দুই প্ৰাক্তন ছাত্ৰ তথা আছু নেতাক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশৰ নিষিদ্ধ ঘোষণা কৰাক লৈ এতিয়া নাহৰৰ দেশত ক্ৰমাৎ ক্ষোভৰ অগনি জ্বলি উঠিছে।জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশাসন ভংগ কৰাৰ অভিযোগত কমিটীয়ে অসমীয়া বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ লব্ধ প্ৰতীম দাস,মাষ্টাৰছ অৱ বিজনেচ এডমিনিচষ্ট্ৰেচনৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ হেমাংগ ভূঞা, চেন্টাৰ ফৰ টি এণ্ড এগ্ৰ’ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ অংকুৰ হাতীবৰুৱাক বহিস্কাৰ কৰিছে। সেইদৰে প্ৰাক্তন ছাত্ৰ তথা আছু নেতা ডেভিড হাজৰিকা আৰু ৰুবুল বৰাক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে কতৃপক্ষই।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বিজয় থাপা নামৰ এগৰাকী নিৰাপত্তাৰক্ষীক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্থানীয় বৰপথাৰবাসী,কৰ্মচাৰী সন্থা আৰু নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বিজয় থাপাক যোৱা মঙ্গলবাৰে নিশা উদণ্ড ছাত্ৰই আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি ন্যায় বিচাৰি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত স্থানীয় ৰাইজে প্ৰতিবাদ মুখৰ হৈ পৰিছিল।ঘটনাৰ সূত্ৰপাত অনুসৰি উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে।পুনৰ নতুন বিতৰ্কত সোমাই পৰিছে নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়।এইবাৰ ছাত্ৰৰ গুণ্ডাগিৰি আৰু অসভ্যালিৰ চৰম সীমাও অতিক্ৰম কৰা পৰিলক্ষিত হয়।

সদ্যসমাপ্ত বিশ্ববিদ্যালয় ছাত্ৰ একটা সভা নিৰ্বাচনৰ পাছতেই মফিজুদ্দিন আহমেদ ছাত্ৰাবাসত মাজনিশা সংঘটিত হয় ভয়াবহ মাৰপিটৰ ঘটনা।যোৱা মঙ্গলবাৰে নিৰ্বাচন শেষ হোৱাৰ পাছতেই নিশা মফিজুদ্দিন আহমেদ ছাত্ৰাবাসৰ ভিতৰতে একাংশ উদণ্ড ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।মাৰপিটত লিপ্ত হোৱা একাংশ উদণ্ড ছাত্ৰৰ কাজিয়া এৰাবলৈ আহে বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ দল।কিন্ত উদণ্ড ছাত্ৰই জপিয়াই পৰে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী দলৰ ওপৰত।এইবাৰ ছাত্ৰই আক্ৰমণ লক্ষ্য কৰি লয় বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বিষয়া পৱন তালুকদাৰ আৰু বিজয় থাপাক।ফলত ছাত্ৰৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হ’য় দুয়োজন নিৰাপত্তাৰক্ষী।ফলত দুয়োজনকে এম্বুলেন্সেৰে চিকিৎসাৰ বাবে লৈ যোৱা হয়।

ইফালে এই ঘটনাৰ দোষী ছাত্ৰৰ ওপৰত বিশ্ববিদ্যালয় কতৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত বিশ্ববিদ্যালয়ৰ কাষৰে বৃহত্তৰ বৰপথাৰ অঞ্চলৰ স্থানীয় লোকে আঘাটপ্ৰাপ্ত দুয়োজন নিৰাপত্তাৰক্ষীৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীক শাষ্টিৰ দাবীৰে বিশ্ববিদ্যালয়ৰ খনৰ মূল প্ৰৱেশদ্বাৰ জ্যোতিবাটচৰা আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে এই ঘটনাৰ পাছতেই বুধবাৰে কৰ্মবিৰতি পালন কৰিছিল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like