নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ৯ মাওবাদীৰ আত্ম সমৰ্পন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ: ডিব্ৰুগড় আৰক্ষীৰ ওচৰত ৯ মাওবাদীয়ে কোনো অশ্ত্ৰ-সস্ত্ৰ নোহোৱাকৈ আত্মসমৰ্পন কৰে। ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।আৰক্ষী অধীক্ষক মিশ্ৰাই সংবাদ মাধ্যমক কয় যে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।তেওঁলোকে ২০১৭চনৰে পৰা মাওবাদীৰ সৈতে যোগাযোগ ৰাখি কাম কৰি থকা বুলি কোৱাত,যাৱতীয় সকলো তথ্য পৰীক্ষা কৰাৰ অন্তত প্ৰমাণিত হয়।আত্মসমৰ্পন কৰাৰ সময়ত কোনো অশ্ত্ৰ-সশ্ত্ৰ জমা দিয়া নাই বুলিও আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই উল্লেখ কৰে।উল্লেখ্য যে ২০১৭ চনৰ পৰা মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল এই ৯ জন কেডাৰে। অৱশ্যে আত্মসমৰ্পণৰ সময়ত কোনো মাৰণাস্ত্ৰ জমা দিয়া নাই। আৰক্ষীয়ে বৰ্তমানো অব্যাহত ৰাখিছে সোধপোচ।আত্মসমৰ্পণ কৰা কেইজন ক্ৰমে ডিব্ৰুগড় নাহৰকটীয়াৰ অজয় চবৰ, যোৰহাট টিয়কৰ ভৰত তাঁতী, ডিব্ৰুগড় ৰাজগড়ৰ অমৃত মূড়া, ডিব্ৰুগড় নামৰূপৰ অনিল সিং, ডিব্ৰুগড় টিংখাংৰ মোহন মূড়া, ডিব্ৰুগড় ৰাজগড়ৰ অজিত উৰাং, ডিব্ৰুগড় নাহৰকটীয়া চাচনিৰ দ্বীপেন মানকি, যোৰহাট মৰিয়নিৰ বিপুল তাঁতী, ডিব্ৰুগড় টিংখাঙৰ মিণ্টু ভূমিজ বুলি জানিব পৰা গৈছে।বিগত সময়ত কেৱল ডিব্ৰুগড় আৰক্ষীৰ ওচৰত মাওবাদীয়ে আত্মসমৰ্পণ কৰাতোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like