নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ৰাহুল গান্ধীয়ে দেশৰ ইতিহাস নাজানে”-গুজৰাটত নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ:  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুজৰাটত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত বিজেপিৰ শীৰ্ষ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত মুখ্যমন্ত্ৰী শৰ্মা অন্যতম।

আদিপুৰত এক সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয়, “মহাত্মা গান্ধীয়ে জাতিৰ বাবে কি কৰিছিল আমি সকলোৱে জানো আৰু সন্মান কৰোঁ। কিন্তু এজন ডুপ্লিকেট গান্ধীয়ে ৰাষ্ট্ৰ চলোৱাটো আমি কেতিয়াও নিবিচাৰো।”

ইয়াৰোপৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্ববাদী মতাদৰ্শবিদ ভি ডি সাৱৰকাৰক লৈ ৰাহুল গান্ধীয়ে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ড০ শৰ্মাই কয়-‘ৰাহুল গান্ধীৰ ভাৰতৰ ইতিহাসৰ কোনো জ্ঞান নাই। বীৰ সাৱৰকাৰ সন্দৰ্ভত তেওঁ যি ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, তাৰ পৰাই তেওঁৰ মতাদৰ্শ উন্মোচিত হৈছে। তেওঁ জাতী বিৰোধী, হিন্দু বিৰোধী।’

উল্লেখ্য যে গুজৰাটত অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ৮ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। ইপিনে ২ ডিচেম্বৰলৈ গুজৰাটত ৫বাৰকৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like