নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিনৰ ফটো

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : পৰিৱৰ্তনৰ শ্লোগান দি অহা বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ বিটিচিৰ ওদালগুৰি জিলাৰ ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ ব্যাপক দুৰ্নীতি তথা টকাৰ ওপৰত শুই থকাৰ দৃশ্য সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱাৰ ঘটনাই সচেতন লোকৰ চকু কপালত তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰি জিলাৰ‌ ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ‌ভৈৰাগুৰি ভিচিডিচিৰ অধক্ষ বেঞ্জামিন বসুমতাৰীয়ে নিজৰ ভিচিডিচিৰ দৰিদ্ৰ হিত্যাধিকাৰীসকলৰ পৰা পি এম এ ৱাই (PMAY) আঁচনিৰ আৰু‌ MGNREGA IBS আঁচনিৰ পৰা উৎকোচ লৈ দুৰ্নীতিত‌ লিপ্ত থাকি শকত ধন সংগ্ৰহ কৰি নিজৰ অভিলাসী টকাৰ বিছনাত শুই থকাৰ এখন আলোক চিত্ৰ দেখা গৈছে। উল্লেখ্য যে পৰিৱৰ্তন চৰকাৰ শ্ল’গানেৰে ৰাইজৰ পৰিবৰ্তন‌ অনা চৰকাৰে এনেকূৱা অধক্ষৰ ওপৰত কি ব্যৱস্থা লয় সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ ৰাইজে জনোৱা মতে তেওঁক পৰিৱৰ্তন চৰকাৰে‌‌ কোনোধৰণৰ কঠোৰ ব্যৱস্থা নোলোৱাত শংকিত‌ হৈ পৰিছে। কাৰণ তেওঁৰ‌ নাম কিম‌জং। কিমজং বা অধ্যক্ষ বেঞ্জামিনৰ ওপৰত বিজেপি মিত্ৰজোঁটৰ তথা ট্ৰিবল ইঞ্জিনৰ চৰকাৰে কি বিহিত ব্যৱস্থা লয় সেয়া আশাৰে বাট চাই আছে‌ ৰাইজে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা ঘোষণা কৰা চৰকাৰে ৰাইজৰ টকা শৰাধ কৰা, টকাৰ বিছনাত শুই আমোদ লোৱা কিমজঙৰ বিৰুদ্ধে কি শাস্তি প্ৰদান কৰিব কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

প্ৰেৰক পিংকু কলিতা

You might also like